মোডীৰ প্ৰধানমন্ত্ৰী পদৰ শপতগ্ৰহণ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰা নাই পাকিস্তানক

bimstec

বিজেপি নেতা নৰেন্দ্ৰ মোডীৰ ৩০ মে'ৰ প্ৰধানমন্ত্ৰী পদৰ শপতগ্ৰহণ অনুষ্ঠানত এইবাৰ নিমন্ত্ৰণ কৰা হোৱা নাই পাকিস্তানক।উল্লেখ্য যে ২০১৪ চনত মোডীৰ প্ৰথমবাৰৰ প্ৰধানমন্ত্ৰী পদৰ শপত গ্রহণ অনুষ্ঠানত উপস্থিত আছিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ।

 

এইবাৰ মোডীৰ শপতগ্ৰহণ অনুষ্ঠানত 'বিমষ্টেক' সংগঠনৰ অন্তৰ্ভুক্ত দেশসমূহ নেপাল,ভূটান,শ্ৰীলংকা,থাইলেণ্ড,বাংলাদেশ,ম্যানমাৰৰ ৰাষ্ট্ৰপ্ৰধানসকল উপস্থিত থাকিব।'বিমষ্টেক' হৈছে বংগোপ উপসাগৰৰ কাষৰীয়া দেশসমূহৰ আন্ত:ৰাষ্ট্ৰীয় আৰ্থিক সহযোগিতাৰ সংগঠন।

Your Comments