অহাকালি ৰাজ্যসভাৰ দুখন আসনৰ বাবে মনোনয়ন দাখিল কৰিব অগপ বিজেপিয়ে

rajya

নিউজ ডেস্ক :
লোকসভাৰ নিৰ্বাচনৰ ফলাফলৰ আনন্দৰ মাজতে বিজেপি-অগপ মিত্ৰজোঁটে ঘোষণা কৰিলে অহা ৭জুনত হব লগা ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম। সেই অনুযায়ী মংগলবাৰে দুয়োটা দলৰ প্ৰাৰ্থীয়ে নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰিব নিজ নিজ মনোনয়ন পত্ৰ।জানিব পৰা মতে কালি অন্তিম দিন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ।


ইফালে ৰাজ্যসভাৰ আসন দুখনৰ বাবে অগপ-বিজেপি মিত্ৰজোঁটত যি উৎসুকতা বৃদ্ধি পাইছে তাৰ বিপৰীতে এতিয়া আসন দুখনক লৈ  বিৰোধীৰ শিবিৰত নাই কোনো উৎকন্ঠা।একপ্ৰকাৰ দুয়োখন আসনতে বিৰোধী ক ৱাকওভাৰ দিছে বিৰোধী শিবিৰে।কিন্তু তাৰ মাজতে আজি কংগ্ৰেছ আৰু এআইডিএফে দিছ্পুৰত এক আলোচনাত বহিছিল, ৰাজ্যসভাৰ দ্বিতীয়খন আসনৰ বাবে এগৰাকী বিৰোধীৰ প্ৰাৰ্থী থিয় কৰোৱাৰ অৰ্থে । কিন্তু কোনোফালে সমীকৰণ মিলাব নোৱাৰি সকলোৱে একপ্ৰকাৰ আশা বাদ দিছে। ইফালে ৰাজ্যসভাৰ আসন দুখনত বিনা প্ৰতিদ্বন্দিতাৰে  অগপ আৰু বিজেপি প্ৰাৰ্থী দুগৰাকী নিৰ্বাচিত হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈছে।

Your Comments