হতাশাক একাষৰীয়া কৰি খাদ্য গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে লালু প্ৰসাদ যাদৱে

lalu

বিহাৰ আৰু ঝাৰখণ্ডত আৰজেডিয়ে এখনো আসন লাভ কৰিব নোৱাৰাৰ দুখত দুপৰীয়াৰ আহাৰ পৰিত্যাগ কৰা লালু প্ৰসাদ যাদৱে দেওবাৰৰ পৰা পুনৰ দুপৰীয়াৰ খাদ্য গ্রহণ কৰিছে।উল্লেখ্য যে আৰজেডিৰ শোচনীয় প্ৰদৰ্শনৰ পিছত দুদিন ধৰি লালুৱে দুপৰীয়াৰ খাদ্য নোখোৱাৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটিছিল।তদুপৰি তেওঁ অস্থিৰতা আৰু নিদ্ৰাহীনতাত ভুগিছিল।

 

পশু খাদ্য কেলেংকাৰি গোচৰত শাস্তি ভোগ কৰি কাৰাৰুদ্ধ অৱস্থাতে পাটনাৰ 'ৰিমছ' হাস্পতালত চিকিৎসাধীন হৈ থকা আৰজেডি প্ৰমুখগৰাকীয়ে চিকিৎসকে বুজনি দিয়াৰ পিছত দুপৰীয়াৰ খাদ্য গ্ৰহণ কৰিবলৈ ধৰে।খাদ্য গ্ৰহণ নকৰিলে বহুমূত্ৰ ৰোগৰ ইনছুলিন প্ৰদানত অসুবিধা হয় বুলি চিকিৎসকে তেওঁক বুজনি দিছিল।এতিয়া লালুৰ স্বাস্থ্যৰ অৱস্থা উন্নত বুলি চিকিৎসকে জনাইছে।

 

Your Comments