কংগ্ৰেছ অধ্যক্ষ পদ ত্যাগ কৰাৰ স্থিতিত দৃঢ় ৰাহুল গান্ধী

rg

কংগ্ৰেছৰ অধ্যক্ষৰ পৰা পদত্যাগ কৰাক লৈ অটল হৈ আছে ৰাহুল গান্ধী।গান্ধীয়ে কৈছে যে তেওঁ দলক শক্তিশালী কৰিবলৈ সদায় কাম কৰি যাব,কিন্তু পদত্যাগপত্ৰ উঠাই নলয়।উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ শোচনীয় প্ৰদৰ্শনৰ দায়িত্ব লৈ গান্ধীয়ে কংগ্ৰেছ কাৰ্যকৰী সমিতিক নিজৰ পদত্যাগপত্ৰ প্ৰদান কৰে যদিও সমিতিয়ে পদত্যাগপত্ৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।

 

কিন্তু ইয়াৰ পিছতো পদত্যাগৰ সিদ্ধান্তত অটল হৈ আছে ৰাহুল।ডঃ মনমোহন সিং,পি চিডাম্বৰম আদি জ্যেষ্ঠ নেতাই পদত্যাগ নকৰিবলৈ বুজনি দিয়াৰ পিছতো নিজ সিদ্ধান্তত দৃঢ় ৰাহুল গান্ধী।

Your Comments