গুৱাহাটীত 'ড্ৰাই ডে' ঘোষণা

DRY DAY

নিউজ ডেস্ক :

গুৱাহাটীত আজি সন্ধিয়া ৫ বজাৰ পৰা ২৩ এপ্ৰিলৰ সন্ধিয়ালৈ 'ড্ৰাই ডে' ঘোষণা কৰিছে জিলা প্ৰশাসনে।উক্ত সময়ছোৱাত গুৱাহাটীত বন্ধ থাকিব সকলো ধৰণৰ সুৰাৰ প্ৰচলন আৰু বিপনীসমূহ।


উল্লেখ্য যে অহা ২৩ এপ্ৰিলত বৰপেটা,ধুবুৰী, কোকৰাঝাৰৰ লগতে গুৱাহাটী লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া।তাৰ বাবে জিলা প্ৰশাসনে আজি সন্ধিয়াৰ পৰা ঘোষণা কৰিছে 'ড্ৰাই ডে'।


উক্ত সময়ছোৱাত যদি কোনো বিপনীয়ে  প্ৰশাসনৰ নির্দেশনা অমান্য কৰে,তেন্তে তেনে বিপনীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনাইছে প্ৰশাসনে।

Your Comments