শ্ৰীলংকাত ধাৰাবাহিক বোমা বিস্ফোৰণত ডেৰশতাধিকৰ মৃত্যু

SRILANKA

নিউজ ডেস্ক:

শ্ৰীলংকাৰ ৰাজধানী কলম্বো আৰু বাত্তিকালোৱাত আজি পুৱা ৮-৪৫ বজাৰ আশে-পাশে ৬টা বোমা বিস্ফোৰণ হয়।এই ধাৰাবাহিক বোমা বিস্ফোৰণত ১৫০ জনতকৈ অধিক ব্যক্তিৰ মৃত্যু ঘটিছে।আহত হৈছে তিনিশতকৈ অধিক লোক।তিনিটা গীৰ্জা আৰু তিনিখন হোটেলত বোমা বিস্ফোৰণ হয়।ইষ্টাৰ পৰ্ব উপলক্ষে গীৰ্জাসমূহত যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছিল।আনহাতে,হোটেলসমূহত দেশ-বিদেশৰ  পৰ্যটক উপস্থিত আছিল।

Your Comments