আইএছবিটিৰ পৰা নচলে দূৰণিবতীয়া বাছ

ISBT

নিউজ ডেস্ক:

দেশৰ সপ্তদশ লোকসভাৰ নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে কামৰূপ(ম) প্ৰশাসনে জাৰি কৰিছে বাছ চলাচলত গুৰুত্বপূৰ্ণ নির্দেশ।আজিৰে পৰা আইএছবিটিৰ পৰা চলিব নোৱাৰিব দূৰণিবতীয়া বাছসমূহ।তাৰ পৰিৱৰ্তে উজনিমুৱা বাছসমূহ চলিব খানাপাৰাৰ পৰা।ঠিক একেদৰে নামনিমুৱা বাছসমূহ চলাচল কৰিব আদাবাৰী আৰু জালুকবাৰীৰ পৰা। এই নিয়ম অহা ২৩ এপ্ৰিললৈকে বাহাল থাকিব বুলি জানিবলৈ দিছে মহানগৰ প্ৰশাসনে।


উল্লেখ্য যে এইবাৰ নিৰ্বাচনৰ ইভিএমৰ 'ষ্ট্ৰং ৰূম' স্থাপন কৰা হ'ব মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত।আনহাতে, ২৩ এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। ইয়াৰ বাবেই এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা জিলা প্ৰশাসনৰ।

Your Comments