মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে অভিযোগ উত্থাপন

নিউজ ডেস্ক:

উচ্চতম ন্যায়ালয়ৰ এগৰাকী বৰ্খাস্ত মহিলা কৰ্মচাৰীয়ে মুখ্য ন্যায়াধীশ অসম সন্তান ৰঞ্জন গগৈৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাটোৱে এতিয়া দেশ জোকাৰিছে।আনহাতে, মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে এই অভিযোগৰ আঁৰত ষড়যন্ত্ৰ আছে বুলি উল্লেখ কৰিছে।


এসময়ত কাৰাগাৰত থকা একাংশ লোকে  কাৰাগাৰৰ পৰা ওলাই আহি এই ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি গগৈয়ে উল্লেখ কৰিছে।গগৈয়ে নিজৰ দায়িত্ব সাহসেৰে পালন কৰি কার্যকাল সম্পূৰ্ণ কৰিব বুলিও মন্তব্য কৰিছে।উচ্চতম ন্যায়ালয়ৰ চেক্ৰেটেৰী জেনেৰেলও অস্বীকাৰ কৰিছে  এই অভিযোগ ।

Your Comments