ধৰ্মীয় মন্তব্য:সিদ্ধুলৈ নিৰ্বাচন আয়োগৰ জাননী জাৰি

SIDHU

নিউজ ডেস্ক:

কংগ্ৰেছ নেতা নৱজ্যোৎ সিং সিদ্ধুলৈ নিৰ্বাচন আয়োগে কাৰণ উল্লেখৰ জাননী জাৰি কৰিছে।বিহাৰৰ এখন সভাত সিদ্ধুয়ে সকলো মুছলমান একগোট হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক পৰাস্ত কৰাৰ  উদ্দেশ্যেৰে ভোট দিব লাগে বুলি কৰা মন্তব্য আদৰ্শ আচাৰ সংহিতাৰ উলংঘন বুলি উল্লেখেৰে নিৰ্বাচন আয়োগে জাননী জাৰি কৰিছে।


শনিবাৰে জাননী জাৰি কৰাৰ পিছত ২৪ ঘণ্টাৰ ভিতৰত এই সন্দৰ্ভত উত্তৰ দিব লাগিব নেতাজনে।সিদ্ধুৰ এই মন্তব্যক ধৰ্মীয় বিষয়ক ৰাজনৈতিক প্ৰচাৰত ব্যৱহাৰ নিষিদ্ধৰ উচ্চতম ন্যায়ালয়ৰ  ৰায়ৰ অৱমাননা হিচাপেও চিহ্নিত কৰিছে নিৰ্বাচন আয়োগে।

Your Comments