নগাঁও-মঙলদৈত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বিজেপি

LOGO-1

নিউজ ডেস্ক, নিউজ এএছএন
১৮ এপ্ৰিলৰ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত অসমৰ পাঁচটা সমষ্টিত ভোটগ্ৰহণ সম্পন্ন হয়৷ নগাঁও, মঙলদৈ, ডিফু, শিলচৰ, কৰিমগঞ্জ লোকসভা সমষ্টিত উৎসাহেৰে ভোটাধিকাৰ সাব্যস্ত কৰে সৰ্বশ্ৰেণীৰ জনতাই ৷এই সমষ্টিকেইটাৰ ভিতৰত নগাঁও আৰু মঙলদৈ সমষ্টি দুটাৰ নিৰ্বাচনী ফলাফলৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ আছে অসমৰ ৰাজনৈতিক পৰ্যবেক্ষক মহলৰ৷
প্ৰথমতে, নগাঁও লোকসভা সমষ্টিৰ এটা ৰাজনৈতিক বিশ্লেষণ দাঙি ধৰিবলৈ প্ৰয়াস কৰা হ’ল-

bordoloi
নগাঁও লোকসভা সমষ্টিৰ প্ৰথমজন সাংসদ ১৯৫১ চনৰ নিৰ্বাচনৰ বিজয়ী প্ৰখ্যাত ৰাজনীতিবিদ দেৱকান্ত বৰুৱা৷ ১৯৫৭ চনৰ পৰা ১৯৭৭ চনলৈ কংগ্ৰেছৰ লীলাধৰ কটকীয়ে নগাঁৱৰ সাংসদ হিচাপে চাৰিটা কাৰ্যকালৰ বাবে কাৰ্যনিৰ্বাহ কৰিছিল৷ ইয়াৰ পিছত ১৯৭৭ চনত সমষ্টিটোৰ পৰা সাংসদ হৈছিল পুনৰ দেৱকান্ত বৰুৱা৷ পৰৱৰ্তী পৰ্যায়ত ১৯৮৫, ১৯৯১, ১৯৯৬ চনত অসম গণ পৰিষদৰ মুহিৰাম শইকীয়াই নগাঁও লোকসভা সমষ্টি দখল কৰিছিল৷ ১৯৯৮ চনত মধ্যকালীন নিৰ্বাচনত এটা বছৰৰ বাবে কংগ্ৰেছৰ নৃপেন গোস্বামী সাংসদ হিচাপে নিৰ্বাচিত হৈছিল৷ ইয়াৰ পিছত নগাঁও সংসদীয় সমষ্টিত ৰাজেন গোহাঁইৰ যুগ আৰম্ভ হৈছিল৷ ১৯৯৯ চনৰ পৰা ২০১৯ চনলৈ চাৰিটা কাৰ্যকালৰ বাবে ৰাজেন গোহাঁইয়ে সাংসদ হিচাপে নগাঁৱক প্ৰতিনিধিত্ব কৰিলে৷ চলিত বৰ্ষৰ সংসদীয় নিৰ্বাচনত নগাঁৱত মূল যুঁজ হৈছে কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ আৰু বিজেপিৰ ৰূপক শৰ্মাৰ মাজত৷ এতিয়া মূল প্ৰশ্নটো হৈছে নগাঁৱত কাৰ জয়লাভৰ সম্ভাৱনা কিমান? বিভিন্ন জনগোষ্ঠীয় লোকৰ বাসভূমি নগাঁও সংসদীয় সমষ্টিত প্ৰাৰ্থীৰ জয়-পৰাজয়ত ধৰ্মীয় সংখ্যালঘু ভোটাৰে সদায়েই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷

sarma

এইবাৰো ধৰ্মীয় সংখ্যালঘু ভোটাৰে একেই ভূমিকা গ্ৰহণ কৰিব৷ এইখিনিতে এটা ৰাজনৈতিক অংকলৈ মন কৰা যাওক৷ ২০১৪ চনৰ নিৰ্বাচনত বিজেপিৰ বিজয়ী প্ৰাৰ্থী ৰাজেন গোহাঁইয়ে ৪,৯৪,১৪৬টা ভোট লাভ কৰিছিল৷ দ্বিতীয় স্থানত থকা কংগ্ৰেছৰ জোনজোনালী বৰুৱাই ৩,৫০,৫৮৭টা আৰু তৃতীয় স্থানত থকা এআইইউডিএফৰ ডাঃ আদিত্য লাংথাছাই ৩,১৪,০১২টা ভোট লাভ কৰিছিল৷ চলিত লোকসভা নিৰ্বাচনত সমষ্টিটোত এআইইউডিএফে কংগ্ৰেছৰ সৈতে গোপন মিত্ৰতা কৰিয়েই হওক অথবা অন্য কাৰণতেই হওক প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাই-যি কংগ্ৰেছৰ বাবে পৰিস্থিতি সুবিধাজনক কৰি তুলিছে৷ ২০১৪ৰ নিৰ্বাচনত এআইইউডিএফৰ ডাঃ আদিত্য লাংথাছাই লাভ কৰা প্ৰায়খিনি ধৰ্মীয় সংখ্যালঘু ৩,১৪,০১২টা ভোটৰ অধিকাংশই কংগ্ৰেছমুখী হোৱাৰ পূৰ্ণ মাত্ৰাই সম্ভাৱনা আছে৷ বিজেপিৰ প্ৰতি ৰাজ্যৰ ধৰ্মীয় সংখ্যালঘু জনসাধাৰণৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত এআইইউডিএফৰ সমৰ্থক ভোটাৰসকলে কংগ্ৰেছকে ভোট দি ক্ষোভ উজৰাৰ সম্ভাৱনা প্ৰৱল৷ ২০১৪ৰ নিৰ্বাচনত কংগ্ৰেছে লাভ কৰা ভোটৰ সৈতে এআইইউডিএফে লাভ কৰা ভোট সংযুক্ত কৰিলে ২০১৯ বৰ্ষত কংগ্ৰেছে ৬,৬৪,৫৯১টা ভোট লাভ কৰে৷

gohai

ই কংগ্ৰেছৰ জয়ৰ সম্ভাৱনা উজ্জ্বল কৰি তোলে৷ আনহাতে, ২০১৪ত বিজেপিয়ে লাভ কৰা ভোটৰ সৈতে অগপই লাভ কৰা ৩৫,১৪২টা ভোট যোগ কৰিলে বিজেপিয়ে ৫,২৯,২৮৮টা ভোটহে লাভ কৰে৷ এই পৰিসংখ্যাই গেৰুৱা দলক স্বাভাৱিকভাৱে দ্বিতীয় স্থানলৈ ঠেলিছে৷ আনহাতে, আন কেইটামান কাৰকো বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ জয়ৰ পথত হেঙাৰ স্বৰূপ হৈছে৷ নগাঁও সংসদীয় সমষ্টিত শক্তিশালী নাগৰিক সংশোধনী বিধেয়ক বিৰোধী শিবিৰৰ ভোটাৰসকলে নিৰ্বাচনত বিজেপিৰ বিৰোধী স্থিতি গ্ৰহণ কৰিছে৷ সাংসদ ৰাজেন গোহাঁইয়ে পুনৰ প্ৰাৰ্থিত্ব নোপোৱাৰ বাবে অসন্তুস্ত বিজেপি সমৰ্থক একাংশইও ৰূপক শৰ্মাৰ পক্ষ লোৱাৰ সম্ভাৱনা নাই৷ বিজেপিৰ মিত্ৰতাত অসন্তুস্ত অসম গণ পৰিষদৰ একাংশ কৰ্মী-সমৰ্থকেও ভোটাধিকাৰ সাব্যস্ত কৰোঁতে গেৰুৱা দল বিৰোধী স্থিতি লৈছে৷ গতিকে, নগাঁৱত ১৮ এপ্ৰিলৰ ভোটগ্ৰহণৰ পিছত প্ৰদ্যুৎ বৰদলৈৰ স্থিতি শক্তিশালী আখ্যা দিব পাৰি৷ এনে ৰাজনৈতিক বিশ্লেষণৰ পৰা এই বুলিয়েই উল্লেখ কৰিব পাৰি যে ২০১৯ চনত নগাঁও লোকসভা আসন ৰক্ষা কৰাটো বিজেপিৰ বাবে যথেষ্ট কঠিন হ’ব৷ 
এইবাৰ মঙলদৈ লোকসভা সমষ্টিৰ ৰাজনৈতিক বিশ্লেষণ আগবঢ়োৱা হওক-
২০০৮  চনৰপৰা মঙলদৈ লোকসভা সমষ্টি বিজেপিৰ দখলত আছে৷ ২০০৪ চনত সমষ্টিটোৰ পৰা জয়ী হৈছিল নাৰায়ণ বৰকটকী৷ ২০১৯ আৰু ২০১৪ চনত মঙলদৈ সমষ্টিটো দখল কৰিছিল ৰমেন ডেকাই৷ চলিত বৰ্ষৰ লোকসভা নিৰ্বাচনত সমষ্টিটোত গেৰুৱা দলৰ প্ৰাৰ্থী দিলীপ শইকীয়া৷ শইকীয়াৰ বিৰুদ্ধে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভুৱনেশ্বৰ কলিতা নিৰ্বাচনত অৱতীৰ্ণ হৈছে৷ মঙলদৈ লোকসভা সমষ্টিত প্ৰায় ৫ লাখ ধৰ্মীয় সংখ্যালঘু, প্ৰায় ৩ লাখ চাহ জনগোষ্ঠী আৰু প্ৰায় ২ লাখ ৩০ হাজাৰ বড়ো জনগোষ্ঠীয় ভোটাৰ আছে৷ ২০১৪ৰ লোকসভা নিৰ্বাচনত সমষ্টিটোত বিজেপিৰ ৰমেন ডেকাই কংগ্ৰেছৰ কিৰিপ চলিহাক ২২,৮৮৪টা ভোটত পৰাস্ত কৰিছিল৷ ৰমেন ডেকাই লাভ কৰিছিল ৪,৮৬,৩৫৭টা ভোট, আনহাতে, কিৰিপ চলিহাই লাভ কৰিছিল ৪,৬৩,৪৭৩টা ভোট৷

kalita

অৱশ্যে এইবাৰ ভোটৰ যোগ-বিয়োগত মঙলদৈত বিজেপি সমস্যাত পৰাৰ সম্ভাৱনা প্ৰকট হৈছে৷ সমষ্টিটোত এইবাৰ এআইইউডিএফে প্ৰাৰ্থী নিদিয়াৰ বাবে আৰু এবছুৰ পৃষ্ঠপোষকতাত ইউপিপিএল-এ প্ৰদীপ দৈমাৰীক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাটোৱে বিজেপিৰ নিৰ্বাচনী সাফল্যৰ বাটত বাধাৰ সৃষ্টি কৰিছে৷ ২০১৪ চনত এআইইউডিএফে লাভ কৰা বিজেপি বিৰোধী ৭৪,৭১০টা ভোট এইবাৰ কংগ্ৰেছমুখী হোৱাৰ যথেষ্ট সম্ভাৱনা আছে৷ ২০১৪ চনত এবছুৰ সমৰ্থনত বিজেপিৰ যথেষ্টসংখ্যক ভোট লাভ কৰিছিল যদিও এইবাৰ সেই ভোট দৈমাৰীৰ পক্ষলৈ যোৱাৰ সম্ভাৱনাই অধিক৷

D

ইফালে, ২০১৪ চনত ৮৬,৩৪৭টা ভোট লাভ কৰা বিপিএফ-এ এইবাৰ বিজেপিক সমৰ্থন দিছে৷ বিপিএফ সমৰ্থক বড়ো ভোটাৰখিনিয়ে বিজেপিৰ পক্ষত ১৮ এপ্ৰিলত ভোট দিলেও বিজেপিৰ পথ মসৃণ হৈ নপৰিব পাৰে৷ কাৰণ, এআইডিএফএ প্ৰাৰ্থী নিদিয়াটো বিজেপিৰ সম্ভাৱনাত মোক্ষম আঘাতস্বৰূপ হৈ পৰিছে৷ ইফালে, ‘কেব’ বিৰোধী যথেষ্টসংখ্যক অসমীয়াইও সমষ্টিটোত বিজেপিৰ বিৰুদ্ধে ভোটাধিকাৰ সাব্যস্ত কৰিছে৷ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বাবে কোচ ৰাজবংশী সংগঠন আৰু আদিবাসী সংগঠনেও বিজেপিৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিছে৷ গতিকে, এনে বিশ্লেষণৰ পৰা এইবুলি উল্লেখ কৰিলেও ভুল কোৱা নহ’ব যে মঙলদৈ লোকসভা সমষ্টিটো ২০১৯ত বিজেপিয়ে ধৰি ৰখাটো যথেষ্ট কষ্টকৰ হ’ব৷ 

Your Comments