বিজেপিক ভোট দিয়া অসমীয়াসকল প্ৰকৃত অসমীয়া নহয়-অখিল গগৈ

akhil

নিউজ ডেস্ক :
অসমীয়া জাতিৰ কণ-কঠিয়াক নিঃশেষ কৰাৰ বাবে বিজেপিয়ে এতিয়া ধৰ্মৰ আফিং খুৱাইছে একাংশ অসমীয়াক। বিজেপিৰ ধৰ্মৰ আফিং খাই একাংশ অসমীয়া এতিয়া অন্ধ হৈ পৰিছে। অন্ধ হৈ পৰা একাংশ অসমীয়াই মাতৃভূমিক বিশ্বাসঘাটকতা কৰি এতিয়া বিজেপিক ভোট দিবলৈ আগবাঢ়ি গৈছে।এই বিস্ফোৰক অভিযোগ কৃষক নেতা অখিল গগৈ। অসমবাসীৰ তীব্ৰ আন্দোলনৰ পিছতো অমিত শ্বাহ ,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পিছত এইবাৰ বাপতিহাসোন ৰঙালী বিহুৰ দ্বিতীয় দিনা অৰ্থাৎ ১৬ এপ্ৰিলৰ দিনা বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে শিলচৰৰ এক নিৰ্বাচনী জনসভাত  অসমীয়া জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক  ৩১ জুলাইৰ এন আৰ চি চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পিছতে গৃহীত কৰিব বুলি কৰা বিস্ফোৰক মন্তব্য সম্পৰ্কত আজি কৃষক নেতা অখিল গগৈয়ে এক সংবাদমেল সম্বোধন কৰি বিজেপি দলক তীব্ৰ সমালোচনা কৰে। 


গুৱাহাটীৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি তেওঁ চলিত লোকসভাৰ নিৰ্বাচনত অসমক ভাল পোৱা,অসমীয়াক ভাল পোৱা প্ৰতিজন অসমীয়াক বিজেপিৰ বিৰুদ্ধে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।তেওঁ কয় যে বিজেপি দলে অসমীয়া জাতিসত্ত্বাক ধ্বংস কৰাৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ বাবে অভিসন্ধি ৰচনা কৰিছে। আনহাতে গগৈয়ে মন্তব্য কৰে যে পৃথিৱীৰ কোনো দেশতে আইন প্ৰণয়ন কৰি বিদেশীক স্বদেশী কৰাৰ ইতিহাস আজিলৈকে নাই। কিন্তু বিজেপি চৰকাৰে তেনে আইন অসমৰ বাবে প্ৰণয়ন কৰিব ওলাইছে। 

ইফালে,বিজেপি দলক যিসকল অসমীয়াই লোকসভাৰ নিৰ্বাচনত ভোট দিছে,সেইসকল প্ৰকৃততে অসমীয়া নহয় বুলি গগৈয়ে আজিৰ সংবাদমেলত উল্লেখ কৰে।আনহাতে,বিদেশীক বিতাৰণ কৰাৰ প্ৰতিশ্ৰুতিৰে শাসনত বহা বিজেপি চৰকাৰে বিগত ৪ বছৰত মাত্ৰ ৪ জন বিদেশীক বিতাড়ণ কৰি  ইতিহাস ৰচনা কৰিলে বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ উপৰিও ভাৰত-বাংলাদেশ সীমান্ত চীল কৰাৰ সন্দৰ্ভত যোৱা নিৰ্বাচনৰ সময়ত বিজেপি চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিল,সেই প্ৰতিশ্ৰুতি আজি পর্যন্ত কাৰ্যকৰী কৰিব নোৱাৰা সন্দৰ্ভতো বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে কৃষক নেতাগৰাকীয়ে।তেওঁ কয় যে বিজেপি চৰকাৰৰ গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুৱে বিগত পাঁচ বছৰত সংসদত ভাৰত-বাংলা সীমান্ত চীল কৰাৰ কাম ২০১৯চনৰ ৩১মাৰ্চত সম্পূণ হ'ব বুলি উল্লেখ কৰিছিল।কিন্তু ৩১ মাৰ্চ পাৰ হৈ গ'ল,আজি পর্যন্ত সম্পূৰ্ণ নহ'ল ভাৰত-বাংলা সীমান্ত।


আনহাতে মঙলদৈ লোকসভা সমষ্টিত 'কেব' বিৰোধিতা কৰা কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাক অসমীয়া ৰাইজে ভোট দিব লাগে বুলিও তেওঁ আহ্বান জনায়। কাৰণ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই 'কেব'ক সদায় সমৰ্থন কৰি আহিছে।

Your Comments