বিজেপিৰ বিৰুদ্ধে ভোট দিয়াৰ বাবে আহ্বান তিনিটা ছাত্ৰ সংগঠনৰ

vote nidib

কামপুৰৰ পৰা ৰূপ জ্যোতি ভূঞা


নগাওঁ জিলাৰ কামপুৰত তিনিটাকৈ ছাত্ৰ সংগঠনে এখন সংবাদমেলৰ আয়োজন কৰি অসমবাসীক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে থকা দল বা ব্যক্তিকহে  ভোট দিবৰ বাবে আহ্বান জনায় ।
অনুসূচীত যুৱ ছাত্ৰ পৰিষদ, নাথ যোগী ছাত্ৰ সন্থা,সদৌ তিৱা যুৱ-ছাত্ৰ পৰিষদে সংবাদমেলৰ আয়োজন কৰি অসমীয়াৰ অস্তিত্ব ধ্বংস কৰিবলৈ  খোজা বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনত মাৰবান্ধি ভোট দিয়াৰ বাবে আহ্বান জনায় ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিভিন্ন অভিযোগত অভিযুক্তক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা বুলি সংবাদমেলখনত মন্তব্য কৰে অনুসূচীত জাতি যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে ।

সংবাদমেলখনত নাথ যোগী ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰশান্ত নাথেও 'কেব'ৰ বিৰুদ্ধে ভোটদান কৰাৰ বাবে আহ্বান কৰে ।সংবাদমেলত তিৱা যুৱ- ছাত্ৰ পৰিষদৰ সম্পাদক ৰত্নেশ্বৰ দেউৰীও উপস্থিত থাকে ।

Your Comments