আজি বিয়লি ৫ বজাত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি

evm

নিউজ ডেস্ক :

অসমীয়া বাপতিসাহোন ৰঙালী বিহুৰ ব্যস্ততাৰ মাজতে আজি আনুষ্ঠানিকভাৱে বিয়লি ৫ বজাত সামৰণি পৰিব দ্বিতীয় পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ।অহা ১৮ এপ্ৰিলত দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰো পাঁচটা সমষ্টিত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচন।সেই অনুসৰি মঙলদৈ,নগাঁও,কৰিমগঞ্জ, শিলচৰ আৰু ডিফু লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। মুঠ ৮,৯৯২টা ভোটগ্ৰহণ কেন্দ্ৰত ৬৮,৩৬,৪৯৬গৰাকী ভোটাৰে ৫০ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। 

আনহাতে, ১৮ এপ্ৰিলত ভোটগ্ৰহণ যাতে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয়, তাৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব লগা পাঁচটা সমষ্টিত আজি সন্ধিয়া পাঁচ বজাৰ পৰা ভোটগ্ৰহন সামৰণি পৰালৈকে ঘোষণা কৰা হৈছে 'ড্ৰাই ডে'। উক্ত সময়ছোৱাত সেই সমষ্টিকেইটাত বন্ধ থাকিব সকলো সুৰাৰ ব্যৱসায় আৰু প্ৰচলন।

ইফালে,'এন আই এক্ট'ৰ অধীনত ১৮ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব লগা জিলাকেইখনত ঘোষণা কৰা হৈছে স্থানীয় বন্ধ।সেই বন্ধৰ সময়ছোৱাত সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান,ব্যৱসায়-বাণিজ্য, বেংক সকলো বন্ধ থাকিব। উক্ত বন্ধৰ সময়ছোৱাত কোনো প্ৰতিষ্ঠানে কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰিব নোৱাৰিব বুলিও এক গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিছে।

Your Comments