ধুমুহাত উদাৰবন্দত ব্যাপক ক্ষতি

dhumuha

শিলচৰৰ পৰা বিক্ৰম দাস


সোমবাৰে পুৱা উদাৰবন্দ এলেকাত ব্যাপক ক্ষতিসাধন কৰে  এজাক ধুমুহাই।


ধুমুহাত ক্ষতিগ্ৰস্ত হয় ডুবিঘাট এলেকাৰ হাবুল ৰী আৰু কালাইনবিলৰ নিবাস মুন্ডাৰ আৱাসৰ।লগতে,ডুবিঘাট এলাকাৰ ললিত কর্মকাৰ লক্ষণ কর্মকাৰ,লীলা কর্মকাৰ, উত্তম ৰী,কাজল ৰী,  মোহন মাহাতো,অপু গোৱালাৰ ঘৰ  ক্ষতিগ্রস্ত হয়।   দয়াপুৰ জিপিৰ সভাপতি বীৰেশ গৌড়ে ক্ষতিগ্রস্ত পৰিয়ালক চৰকাৰী সাহায্য প্রদানৰ দাবী জনায়। 


ইফালে,ধুমুহাত বিদ্যুৎ লাইনৰ ক্ষতিসাধন হয়।যাৰ বাবে উদাৰবন্দ এলাকাত বহু সময় ধৰি বিদ্যুৎ সৰবৰাহ বন্ধ হৈ  পৰে।

Your Comments