কাইলৈ শিলচৰত প্ৰিয়ংকা গান্ধীৰ প্ৰচাৰ

priyanka

নিউজ ডেস্ক :

ৰঙালী বিহুৰ ধামখুমীয়াৰ মাজতে দেওবাৰে অসমলৈ আহিব কংগ্ৰেছৰ তাৰকা প্ৰচাৰক প্ৰিয়ংকা গান্ধী।প্ৰথম পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনৰ সফল সমাপ্তিৰ পিছত  কংগ্ৰেছৰ প্ৰাৰ্থী সুস্মিতা দেৱৰ হৈ প্ৰচাৰ চলাবলৈ ১৪ এপ্ৰিলত শিলচৰত উপস্থিত হ'ব প্ৰিয়ংকা গান্ধী।

উল্লেখ্য যে কংগ্ৰেছৰ সাধাৰণ সম্পাদক  প্ৰিয়ংকা গান্ধী শিলচৰত উপস্থিত হৈ এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব। প্ৰদেশ কংগ্ৰেছৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি পুৱা ১০ বজাত  শিলচৰৰ ৰংপুৰৰ পৰা ৰাংগিখাৰিলৈকে অনুষ্ঠিত হ'ব ৰোড শ্ব'।
 

Your Comments