লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিনত স্থানীয় বন্ধ

bhot

লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিনকেইটাত 'এনআইএ এক্ট'ৰ অধীনত অসমত  স্থানীয় বন্ধ ঘোষণা কৰা হৈছে।সেই অনুসৰি ১১ এপ্ৰিলত অসমৰ ১২খন জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। উক্ত দিনটোত চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, সকলো শিক্ষানুষ্ঠান,বেংকৰ লগতে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান  বন্ধ থাকিব। ১১ এপ্ৰিলত বন্ধ থাকিব লগা জিলাকেইখন হৈছে তিনিচুকীয়া,ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ,যোৰহাট, গোলাঘাট, বিশ্বনাথ, তেজপুৰ, মাজুলী,নগাঁও, লখিমপুৰ আৰু ধেমাজি।
 ঠিক একেদৰে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে ১৮ এপ্ৰিলতো ৰাজ্যৰ ১২খন জিলাত স্থানীয় বন্ধ থাকিব।সেই অনুসৰি কাছাৰ ,দৰং, ডিমা হাছাও, হাইলাকান্দি, হোজাই,কামৰূপ,কাৰ্বি আংলং, মৰিগাঁও,নগাঁও, নলবাৰী, ওদালগুৰি আৰু পশ্চিম কাৰ্বি আংলং জিলাত বন্ধ থাকিব।আনহাতে, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অৰ্থাৎ ২৩ এপ্ৰিলত বন্ধ থাকিব বাক্সা,বৰপেটা,কামৰূপ,বঙাইগাঁও, চিৰাং,গোৱালপাৰা, দক্ষিণ শালমৰা, কামৰূপ(ম),কোকৰাঝাৰ আৰু ধুবুৰী।
[10:36 AM, 3/29/2019] Rajkamal Changkakoti: Aitu mo

Your Comments