আগন্তক লোকসভাৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা সন্দৰ্ভত এআইইউডিএফৰ বিধায়ক আমিনুল ইছলাম চৌধাৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য। কংগ্ৰেছ দলৰ সৈতে আমাৰ মিত্ৰতা হোৱা নাই। কিন্তু আমাক মিত্ৰতা কৰাৰ বাবে ৰাহুল গান্ধীয়ে প্ৰস্তাৱ দিছিল। অসম প্ৰদেশ কংগ্ৰেছ দলে মিত্ৰতা নকৰো বুলি প্ৰতিবাদৰ ফলত সেই মিত্ৰতা নহ’ল।
আনহাতে, মিত্ৰতা যদি হোৱা নাই তেন্তে কয় সকলোতে প্ৰাৰ্থী আপোনালোকে দিয়া নাই বুলি সাংবাদিকে সোধা প্ৰশ্ন উত্তৰত তেওঁ কয় আমি বিজেপি-অগপক পৰাস্ত কৰাৰ বাবে ধৰ্মনিৰপেক্ষ দলসমূহক সুবিধা দিছোঁ। যিটো সমষ্টিত আমাৰ জয় নিশ্চিত সেই সমষ্টিত আমি প্ৰাৰ্থী দিছোঁ ।
লগতে কয় আমি যি কেইটা সমষ্টিত জয় নিশ্চিত বুলি ভাবি প্ৰাৰ্থী ঠিয় কৰাইছোঁ তাত যদি কংগ্ৰেছ দলে শক্তিশালী প্ৰাৰ্থী থিয় কৰাই তেন্তে আমি ভাবিব কংগ্ৰেছ দলে বিজেপিক সহায় কৰিছে বুলি।
- Log in to post comments
- 28 views