কটন বিশ্ববিদ্যালয়ক উপযুক্ত মৰ্যাদা প্ৰদানৰ দাবীত বিদ্যাৰ্থীৰ ধৰ্মঘট 

cotton

'ঐতিহাসিক কটন কলেজক প্ৰাক্তন শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দুটা বছৰৰ পূৰ্বে কটন বিশ্ববিদ্যালয়লৈ পৰিৱৰ্তিত কৰিলে। কিন্তু আজি পৰ্যন্ত বিশ্ববিদ্যালয়খনে নাপালে বিশ্ববিদ্যালয়ৰ উপযুক্ত মৰ্যাদা। ফলত শিক্ষানুষ্ঠানখন শৈক্ষিক,আৰ্থিক উন্নয়ন- সকলোতে পিছ পৰি ৰ'ব লগা হৈছে।'এই অভিযোগ বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ।শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলে কটন বিশ্ববিদ্যালয়ৰ উপযুক্ত মৰ্যদা প্ৰদানৰ দাবীত আজি পুৱাৰ পৰা বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখত গ্ৰহণ কৰিছে ৪৮ঘন্টীয়া ধৰ্মঘট কাৰ্যসূচী।কাৰ্যসূচীত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলে  বিশ্ববিদ্যালয়খনত খালি হৈ থকা ডেৰশতাধিক শিক্ষকৰ পদত অতি সোনকালে নিযুক্তি প্ৰদান কৰি বিশ্ববিদ্যালয়খনৰ শিক্ষকৰ অভাৱ দূৰ কৰিব লাগে বুলি দাবী জনায়। ইয়াৰ উপৰিও কটন বিশ্ববিদ্যালয়ৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে পূৰ্বৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাজেটত যি পুঁজি ঘোষণা কৰিছিল,সেই পুঁজি মুকলি কৰি দিব লাগে বুলি দাবী জনায়।উল্লেখ্য যে কটন বিশ্ববিদ্যালয়ৰ বহুকেইটা হোষ্টেল মেৰামতিৰ অভাৱত বৰ্তমান  ধ্বংস হোৱাৰ উপক্ৰম ঘটিছে।

Your Comments