'সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে।এই বিশাল নিৰ্বাচনী প্ৰক্ৰিয়াৰ বা-বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত সাংবাদিকে সাৱধানতা অৱলম্বনৰ প্ৰয়োজনীয়তা আছে। নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা বিভিন্ন পক্ষই নিজৰ সপক্ষে বাতৰি প্ৰকাশৰ স্বাৰ্থত ভুল তথ্য যোগান ধৰে ।
সংবাদ মাধ্যম এই ক্ষেত্ৰত সচেতন নহ'লে তেনে তথ্যই চৰকাৰ গঠনৰ প্ৰক্ৰিয়াত ক্ষতিগ্ৰস্ত কৰিব পাৰে।তদুপৰি সাংবাদিকসকলে নিজৰ সুৰক্ষাৰ কাৰণে কিছু নিয়ম মানি চলাটোৰ প্ৰয়োজন আছে।' 'কমিটী টু প্ৰটেক্ট জাৰ্ণেলিষ্ট' নামৰ আন্তৰ্জাতিক সন্থাৰ ভাৰতৰ প্ৰতিনিধি কুনাল মজুমদাৰে বুধবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবত এই মন্তব্য কৰে।তেওঁ লগতে কয় যে সমগ্ৰ বিশ্বতে সাংবাদিকৰ ওপৰত শাৰীৰিক- মানসিক অত্যাচাৰ বৃদ্ধি পাইছে ।
ভাৰততো এনে অত্যাচাৰ বৃদ্ধি পাইছে।এতিয়া এখন শান্তিপূৰ্ণ দেশতো সাংবাদিক নিৰ্যাতনৰ ঘটনা সংঘটিত হ'বলৈ ধৰিছে। ছ'চিয়েল মিডিয়াই এই ক্ষেত্ৰত জটিলতাৰ সৃষ্টি কৰিছে।আনকি ৰাজনৈতিক শক্তিয়ে এই মাধ্যমৰ অপব্যৱহাৰ কৰি জনসাধৰণক বিভ্ৰান্ত কৰি তুলিছে।
সেয়েহে সাংবাদিকসকলৰ দায়িত্ব আজিৰ তাৰিখত বৃদ্ধি পাইছে।বিশেষকৈ আঘোষিত সূত্ৰৰ পৰা অহা তথ্যৰ ব্যৱহাৰত সাংবাদিকসকল সচেতন হ'ব লাগিব। মজুমদাৰে লগতে সাংবাদিকসকলৰ তথ্য- প্ৰযুক্তি ব্যৱহাৰত বিচক্ষণতাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে।
আনহাতে, অধিকসংখ্যক ভোটাৰ ৰাইজৰ নিৰ্বাচনত অংশগ্ৰহণ আৰু ৰাইজৰ গ্ৰহণযোগ্য চৰকাৰ গঠনৰ ক্ষেত্ৰত সাংবাদিকসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে বুলি মত প্ৰকাশ কৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সম্পাদক নৱ ঠাকুৰীয়াই।অনুষ্ঠানত পিটিআইৰ দুৰ্বা ঘোষ,জ্যেষ্ঠ সাংবাদিক বিমান চন্দ্ৰ হাজৰিকা,ৰামন বৰা,'অসমীয়া খবৰ'ৰ কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাস, জ্যেষ্ঠ সাংবাদিক দেৱজিত তালুকদাৰ উপস্থিত থাকে।
- Log in to post comments
- 32 views