লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ সমান্তৰালকৈ চলি আছে হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছাৰ পৰীক্ষাৰ ফলাফলৰ কাম-কাজ। ইতিমধ্যে ৰাজ্যৰ পাঁচটা জ'নত ছেবা কৰ্তৃপক্ষই সম্পূৰ্ণ কৰিছে পৰীক্ষাৰ্থীৰ বহি নিৰীক্ষণৰ কাম-কাজ। এই কথা জানিবলৈ দিছে ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই। শৰ্মাই লগতে জানিবলৈ দিয়ে যে পূৰ্বৰ বছৰৰ তুলনাত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল সন্দৰ্ভত ছেবাই গ্ৰহণ কৰিব বিচাৰিছে এক নতুন নিয়ম।
সেই অনুসৰি প্ৰথমবাৰৰ বাবে ৰাতি ১২ বজাত ছেবাই ঘোষণা কৰিব পৰীক্ষাৰ ফলাফল। অৱশ্যে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল'বলৈ এতিয়াও বাকী থকা বুলি জানিবলৈ দিয়ে পৰীক্ষা নিয়্ন্ত্ৰকগৰাকীয়ে। যদি ছেবা নিয়ন্ত্ৰণ বোর্ডে পৰীক্ষা নিয়ন্ত্ৰণ বোৰ্ডৰ এই সিদ্ধান্তক সন্মতি জনায় তেন্তে ছাত্ৰ-ছাত্ৰীসকলে ৰাতি ১২ বজাতে পৰীক্ষাৰ সম্পূৰ্ণ ফলাফল আৰু নম্বৰৰ তালিকা চাব পাৰিব। তাৰবাবে ছেবা কৰ্তৃপক্ষই ১০টা নিৰ্দিষ্ট ৱেবছাইটৰ ব্যৱস্থা কৰিব বুলিও জানিবলৈ দিছে।
উল্লেখ্য যে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ মুঠ ৩,৫২,১৪৩গৰাকী পৰীক্ষাথী অৱতীৰ্ণ হৈছে। আনহাতে, পূৰ্বৰ বছৰৰ তুলনাত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল পুৰ্বতকৈ ১৫ দিন আগবাঢ়িব বুলি ইতিমধ্যে ছেবা কৰ্তৃপক্ষই ঘোষণা কৰিছে। লগতে জানিবলৈ দিছে অহা ১০ মে'ৰ ভিতৰত ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল।
- Log in to post comments
- 196 views