অৰুণাচলৰ বিধানসভাত নিৰ্বাচনৰ পূৰ্বে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ বিজেপি দুই প্ৰাৰ্থী। ৬০খন আসন থকা ৰাজ্যখনত অহা এপ্ৰিলত অনুষ্ঠিত হ'ব বিধানসভাৰ নিৰ্বাচন। তাৰ বাবে মনোনয়ন পত্ৰ পৰীক্ষাতে ৩১নং পূৰ্ব আলো সমষ্টিৰ পৰা বিজেপি সমৰ্থিত প্ৰাৰ্থী কেণ্ট জিনিয়ে আৰু ১৬ নম্বৰ য়াচুলি বিধানসভা সমষ্টিৰ পৰা তাবা তেদিৰে বিনা প্ৰতিদন্তিতাৰে জয়লাভ কৰে।
উল্লেখ্য যে ৩১ নং আলো সমষ্টিত বিজেপি প্ৰাৰ্থীগৰাকীৰ সন্মুখত অন্য দলৰো প্ৰতিদ্বন্দ্বিতা আছিল৷ কিন্তু অন্য দলৰ প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰত বিসংগতি থকা বাবে বাতিল হয়। ফলত বিজেপি প্ৰাৰ্থীগৰাকীৰ জয়ী হয়। আনহাতে ১৬নং য়াচুলি সমষ্টিত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয় বিজেপি প্ৰাৰ্থীগৰাকীৰ।
ইফালে ৬০খন বিধানসভাৰ আসন থকা ৰাজ্যখনত নিৰ্বাচন অনুষ্ঠিত হোৱা পূৰ্বে বিজেপি দুগৰাকীকৈ প্ৰাৰ্থী জয়ী হোৱাত আনন্দ ঢল বৈছে বিজেপিত।
- Log in to post comments
- 23 views