লোকসভাৰ নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক তৎপৰতা চলি থকা সময়তে কংগ্ৰেছ আৰু এআইইউদিএফৰ গোপন বুজা-বুজিৰ সন্দৰ্ভত গুৱাহাটীৰ লোকসভাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থিত্ব বঞ্চিত জ্যেষ্ঠা সাংসদ বিজয়া চক্ৰৱৰ্তীৰ গুৰুত্বপূৰ্ণ মন্তব্য। মহানগৰীৰ বৰঝাৰৰ শ্যামভূমি স্কুল খেলপথাৰত লোকসভাৰ নিৰ্বাচনক লৈ বিজেপিয়ে আয়োজন কৰা বিজয় সংকল্প দিৱসত অংশগ্ৰহণ কৰি বিজেপি নেত্ৰীগৰাকীয়ে কয় ৰাহুল গান্ধী আৰু বদৰুদ্দিন আজমল ভাই ভাই।
এদিন বদৰুদ্দিন আজমলক তৰুণ গগৈয়ে কোন বুলি কৈছিল আজি কিন্তু পুত্ৰৰ মোহত সেইজন বদৰুদ্দিনে এতিয়া তৰুণ গগৈ বুকুৰ কুটুম হৈছে। লগতে বিজেপি সাংসদগৰাকীয়ে কয় যে কংগ্ৰেছ দলটো এতিয়া বাংলাদেশীৰো ভাই ভাই। আনহাতে অসমৰ জাতি-মাটি-ভেটি এতিয়া কংগ্ৰেছ দলে বাংলাদেশক দান দিবলৈ ওলাইছে বুলিও বিস্ফোৰক অভিযোগ উথাপন কৰে।
- Log in to post comments
- 18 views