আজি অন্ত পৰিল দ্বিতীয় পৰ্যায়ৰ মনোনয়ন দাখিল পৰ্ব : নগাঁৱত ৰূপক শৰ্মা-প্ৰদ্যুৎ বৰদলৈৰ মনোনয়ন দাখিল

election_lok_sabha

লোকসভাৰ নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপক তৎপৰতা চলি থকা সময়তে আজি অনুষ্ঠানিকভাৱে অন্ত পৰিল দ্বিতীত পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন-পত্ৰ দাখিলৰ পৰ্ব। দেশৰ অন্যান্য ৰাজ্যৰ লগতে এই দ্বিতীত পৰ্যায় লোকসভাৰ নিৰ্বাচনত অসমৰ পাঁচটা লোকসভাৰ সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। সেই অনুসৰি শিলচৰ, কৰিমগঞ্জ, ডিফু, মঙলদৈ, নগাঁৱত হ'ব দ্বিতীয় পৰ্যায়ত লোকসভাৰ নিৰ্বাচন। 

আজি মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিনা নগাঁৱত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা আৰু কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে দাখিল কৰে মনোনয়ন-পত্ৰ। বিজেপি সমৰ্থিত ৰূপক শৰ্মা সৈতে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সভাপতি ৰঞ্জিত দাস। আনহাতে, কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ সৈতে উপস্থিত থাকে ৰিপুণ বৰা, ৰকিবুল হুছেইন প্ৰমুখ্যে সমৰ্থকসকল। 

election_MP

ইফালে আজি কৰিমগঞ্জতো বিজেপি সমৰ্থিত প্ৰাৰ্থী কৃপানাথ মাল্লায়ে দাখিল কৰে মনোনয়ন-পত্ৰ। উল্লেখ্য যে এই দ্বিতীয় পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচনৰ মনোনয়ন-পত্ৰসমূহ পৰীক্ষাৰ কৰা হ'ব অহা ২৭ মাৰ্চত। ইয়াৰ উপৰিও কোনো প্ৰাৰ্থীয়ে মনোনয়ন-পত্ৰ প্ৰত্যাহাৰ কৰিব বিচাৰিলে ২৯ মাৰ্চৰ ভিতৰত প্ৰত্যাহাৰ কৰিব লাগিব। 

আনহাতে, উল্লেখ্য কথা এই যে ১৮ এপ্ৰিলত হ'ব লগা এই দ্বিতীয় পৰ্যায়ৰ 
লোকসভাৰ নিৰ্বাচনত ৰাজ্যৰ পাঁচটা লোকসভাৰ সমষ্টিৰ মুঠ ভোটাৰ সংখ্যা ৬,৮৩,৬৪৯৬ গৰাকীৰ। তাৰ বাবে মুঠ ভোটগ্ৰহণ কেন্দ্ৰৰ ৮,৯৯২টা।

Your Comments