তেজপুৰৰ বিজেপি সাংসদ আৰ পি শৰ্মাৰ পুনৰ বিস্ফোৰণ। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই শংকিত হৈ প্ৰাৰ্থীৰ মনোনয়ন-পত্ৰ দাখিল পৰ্বত ঘূৰি ফুৰিছে। লগতে জ্যেষ্ঠ সাংসদগৰাকীৰ মন্তব্য- "পুৰণি বিজেপি কৰ্মীক একত্ৰিত কৰি নতুনকৈ বিজেপি দল গঢ়িম। য'ত পুৰণি বিজেপিসকল হ'ব হিৰ' আৰু হিমন্ত বিশ্ব শৰ্মা হ'ব ভিলেইন। আনহাতে, সাংসদগৰাকীয়ে বিজেপিৰ ৰাজ্যিক নেতৃত্বক সকীয়নি প্ৰদান কৰি কয় যে বিজেপিক পকেটত লৈ ফুৰা হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিত দাস, ৰাম মাধৱ, ফণী শৰ্মাৰ বিৰুদ্ধে সদায় মাত মাতি যাম।" লগতে তেওঁ আজি দিনটোৰ পৰাই সমগ্ৰ অসম ঘূৰি বিজেপিৰ পুৰণি কর্মীসকলক লৈ দলটো নতুনকৈ গঢ়িম বুলি মন্তব্য কৰে। এইবাৰ ট্ৰেইলৰ নহয়, পোনপটীয়াকৈ চিনেমা দেখুৱাম বুলিও হুংকাৰ দিয়ে আৰ পি শৰ্মাই।
- Log in to post comments
- 46 views