ক্ষমতাৰ লোভত তথাকথিত জাতীয়তাবাদক বিসৰ্জন দি সাম্প্ৰদায়িক বিজেপিত চামিল নাগৰিকত্ব সংশোধনী বিধেয়কবিৰোধী ছাত্ৰ নেতা অশ্বিনী চুতীয়াৰ। দেওবাৰে টাই আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাৰ দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ ২৪ ঘণ্টা নৌহওঁতেই গেৰুৱা বসন পিন্ধিলে জাতীয়তাবাদৰ ডাঙৰ ডাঙৰ কথা কোৱা ছাত্ৰ নেতাজনে। গুৱাহাটী মহানগৰীৰ বিজেপি মুখ্য কাৰ্যালয়ত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে যোগদান কৰে জাতীয়তাবাদী ছাত্ৰ নেতাজনে।
উল্লেখ্য যে বিগত ২২ বছৰে অশ্বিনী চেতিয়া টাই আহোম ছাত্ৰ সন্থাৰ লগত জড়িত হৈ আছিল। ইফালে যোৱা বিধানসভাৰ নিৰ্বাচনত জাতীয়তাবাদী ছাত্ৰ নেতাজনে শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয়া প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। আনহাতে, নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰা বিজেপি দলটোত জাতীয়তাবাদী ছাত্ৰ নেতাজনে আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পাছতে বহুজনে ছাত্ৰ নেতাজনক তীব্ৰ সমালোচনা কৰিছে। এই সন্দৰ্ভত কৃষক নেতা অখিল গগৈয়ে কয়- যিবিলাক মানুহৰ লক্ষ্য কেৱল ক্ষমতা, যাৰ সপোন জাতিক বিক্ৰী কৰি হ'লেও বিধানসভালৈ যোৱা, সেইবিলাক মানুহে এনেকুৱা কাম কৰে।
তাকে কৰিলে টাই আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা অশ্বিনী চেতিয়াই। কৃষক নেতাগৰাকীয়ে লগতে কয় যে বিজেপিয়ে অশ্বিনী চেতিয়াক বিজেপিলৈ আদৰণি জনাই আহোম সম্প্ৰদায়ৰ ভোট লাভ কৰিম বুলি যদি ভাবিছে সেয়া ভুল ভাবিছে৷ কাৰণ বিজেপিক এইবাৰ আহোমসকলে ভোট নিদিয়ে, সেয়া সত্য। যোগদানৰ পাছতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কয় যে অশ্বিনী চেতিয়াই জাতিৰ সন্ধিক্ষণত বিজেপিত যোগদান কৰাটো শুভ লক্ষণ।
আনহাতে, ছাত্ৰ নেতাজনে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ পাছতে তাত উপস্থিত থকা সাংবাদিকসকলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তেওঁৰ স্থিতি কি হ'ব বুলি প্ৰশ্ন কৰে। কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে বিজেপিৰ বহুবল্কী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই সন্দৰ্ভত অশ্বিনী চেতিয়াক মতামত দিয়াৰ পৰা আঁতৰাই ৰাখি নিজে মন্তব্য ৰাখে৷ দলৰ যি স্থিতি সেই একে স্থিতি হ'ব বুলি হিমন্তই প্ৰকাশ কৰে।
- Log in to post comments
- 22 views