ভাৰতীয় সংবিধানক ৰক্ষা কৰিবলৈ হ'লে আগন্তুক লোকসভাৰ নিৰ্বাচনত বিজেপিক যিকোনো প্ৰকাৰে পৰাজিত কৰিব লাগিব। নহ'লে অনাগত দিনত ভাৰতীয় গণতন্ত্ৰৰ পৰা নিৰ্বাচনী ব্যৱস্থা উঠি যাব। দেশত একনায়কত্ব ফেঁচীবাদী শাসন চলিব। এই গুৰুত্বপূৰ্ণ মন্তব্য কৃষক নেতা অখিল গগৈৰ। গুৱাহাটীৰ কৃষক মুক্তি সংগ্রাম সমিতিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি কৃষক নেতাগৰাকীয়ে কয় যে আগন্তুক লোকসভা নির্বাচনত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰা নৰেন্দ্ৰ মোডীৰ নেতৃত্বধীন বিজেপিক পৰাভূত কৰাৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সকলো ৰাইজকে আহ্বান জনাব।
লগতে কয় যে বিধেয়ক সমৰ্থন কৰা দলৰ লগত মিত্ৰতা কৰাৰ বাবে অগপ আৰু বিজেপিৰ প্ৰাৰ্থীকো পৰাভূত কৰিব লাগে। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে বিজেপি মিত্ৰজোঁটৰ বিপিএফৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মক ভোট নিদিবৰ বাবে দেওবাৰে কোকৰাঝাৰত গৈ জনসাধাৰণক মুকলি আহ্বান জনোৱা বুলিও ব্যক্ত কৰে। ইয়াৰ উপৰি তেওঁ জানিবলৈ দিয়ে যে অনাগত দিনবোৰত বিজেপি আৰু মিত্ৰজোঁটৰ দলসমূহক ভোট নিদিবলৈ জনসাধাৰণক মুকলিকৈ আহ্বান জনাব।
আনহাতে, নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপিক ভোট দিয়াৰ সন্দৰ্ভত তেওঁ কয় যে বিজেপি দলক ভোট দিয়াতকৈ এটা গছৰ মূঢ়াক ভোট দিয়াই ভাল। আনহাতে, হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে বিজেপিৰ সাধাৰণ সম্পাদক ৰাম মাধৱৰ লগত সংবাদমেলত কোনো মাত নামাতি নীৰৱে বহি থকা সন্দৰ্ভত কয় যে হিমন্ত বিশ্ব শৰ্মা এতিয়া বিজেপি দলত দুখত পৰিছে। কংগ্ৰেছ দলত তেওঁক যিদৰে বেয়া কাম কৰোৱা হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিলে, ঠিক একেদৰে বিজেপি দলতো হিমন্ত বিশ্ব শৰ্মাক বেয়া কাম কৰোৱা হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিলে। আনহে নালাগে ৰাম মাধৱে তেজপুৰত টিকট দিম বুলি কৈও ঠগিলে। তাৰ পাছতো হিমন্ত বিশ্ব শৰ্মাই নিলাজৰ দৰে কেনেদৰে ৰামেশ্বৰ তেলী আৰু পল্লৱলোচনৰ মনোনয়ন-পত্ৰ দিবলৈ যাব পাৰিলে তেওঁহে জানিব বুলি উল্লেখ কৰে।
- Log in to post comments
- 7 views