ৰাজ্য কঁপোৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিযুক্তিৰ কেলেংকাৰীৰ সন্দৰ্ভত পুনৰ সৰৱ কৃষক নেতা অখিল গগৈ। আজি গুৱাহাটীৰ কৃষক মুক্তি সংগ্রাম সমিতি মুখ্য কাৰ্যালয়ত এই নিযুক্তি কেলেংকাৰীৰ সন্দৰ্ভত এক সংবাদ মেল সম্বোধন কৰি কৃষক নেতাগৰাকীয়ে বিস্ফোৰণ ঘটাই কয় পঞ্চায়ত আৰু গ্ৰামোন্নয়নত দুৰ্নীতিৰ কৰি বিজেপি সমৰ্থিত প্ৰাৰ্থীক নিযুক্তি দিয়াৰ বাবে অএমআৰ (OMR) চিট বদলি কৰা প্ৰক্ৰিয়া পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মুখ্য কাৰ্যালয়ত বদলি কৰাৰ প্ৰক্ৰিয়া চলিছিল যোৱা ৩, ৪ আৰু ৫ মাৰ্চৰ দিনা । লগতে তেওঁ কয় এই সমগ্ৰ অএমআৰ (OMR) চিট বদলি কাৰ্য সংঘটিত হৈছিল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তৰ কাৰ্যলয়ত ।
এই অএমআৰ চিট বদলি কৰাৰ সমগ্ৰ প্ৰক্ৰিয়াটো নেতৃত্ব দিছিলি বিভাগটোৰ অতিৰিক্ত আয়ুক্তৰ খগেশ্বৰ পেগুৱে আৰু এই বদলি কাৰ্যত পেগু সৈতে জড়িত আছিল পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ আয়ুক্ত কাৰ্যালয়ৰ যুটিয়া সঞ্চালক এছএ লস্কৰ আৰু আয়ুক্ত কাৰ্যালয়ৰ বিষয়া বাহাৰুল ইছলাম ভূঞা। আনহে নালাগে কৃষক নেতাগৰাকীয়ে এইবুলিও কয় যে এই সমগ্ৰ বদলি প্ৰক্ৰিয়াটো ৩, ৪ আৰু ৫ মাৰ্চৰ দিনা অতিৰিক্ত আয়ুক্ত খগেশ্বৰ পেগুৰ কার্যলয়ৰ কোঠাত সংঘটিত হৈছিল বুলিও উল্লেখ কৰে।
আনহাতে কৃষক নেতাগৰাকীয়ে আজি এই সংবাদ মেলত উল্লেখ কৰে নিযুক্তিটোত হোৱা এই বিয়াগোম কেলেংকাৰীত তিনিজন বিষয়াৰ জড়িত থকা উপৰিও জড়িত হৈ আছে তিনিজন ৰাজনৈতিক নেতা। সেই ৰাজনৈতিক নেতা কেইজনৰ নাম প্ৰমাণ সহকাৰে অতি সোনকালে ৰাজহুৱা কৰা হ'ব বুলিও আজি সংবাদ মেলত ঘোষণা কৰে কৃষক নেতাগৰাকীয়ে।
আনহাতে তাপয্যপূৰ্ণ কথা এই যে আজি সংবাদ মেলখনতে অখিল গগৈয়ে এজন বিশেষ ব্যক্তিৰ পৰা পোৱা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ পৰীক্ষাত ব্যৱহাৰ কৰা এখন অৰিজিনেল অএমআৰ চিট সংবাদ মাধ্যমৰ আগত প্রদর্শন কৰে । অএমআৰ চিট অৰ্থাৎ উত্তৰ চিটখন প্রদর্শন কৰি কৃষক নেতাগৰাকীৰ দাবী এটা নিযুক্তিৰ পৰীক্ষাৰ অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুত কৰাৰ অএমআৰ (OMR) চিট এনেদৰে সহজলভ্য হোৱাটোৱে স্পষ্ট হৈছে নিযুক্তি প্ৰক্ৰিয়াত যে দুৰ্নীতি হৈছে।
ইয়াৰ উপৰিও আজি এই সংবাদ মেলখনতে কৃষক নেতাগৰাকীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তিৰ লাভ কৰা ৮৮৬গৰাকীৰ প্ৰাৰ্থী তালিকাও দাঙি ধৰে। প্ৰাৰ্থী তালিকা দাঙি ধৰি তেওঁ গুৰুত্বপূৰ্ণভাৱে কয় যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তি পোৱা ৮৮৬গৰাকীৰ ভিতৰত ৪৫০গৰাকীৰো অধিক প্ৰাৰ্থী অনিয়মৰ জৰিয়তে নিযুক্তি লাভ কৰিছে।
ইফালে কৃষক নেতাগৰাকীয়ে আজি এই সংবাদ মেলতে তাপয্যপূৰ্ণভাৱে উল্লেখ কৰি কয় পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিযুক্তি কেলেংকাৰীৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেতিয়াও এৰি নিদিয়ে। প্ৰয়োজনত সত্য উদ্ঘাটন হ'বলৈ কিছু পলম হ'ব পাৰে৷ কিন্তু এপিএছচিৰ দৰে এজন এজন কৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিযুক্তি কেলেংকাৰীৰ মূল খলনায়কক ৰাজ্যবাসীৰ সন্মুখত থিয় কৰাই জেললৈ পঠোৱা ব্যৱস্থা কৰিম বুলি উল্লেখ কৰে কৃষক নেতাগৰাকীয়ে।
আনহাতে আজি এই সংবাদ মেলতে কৃষক নেতাগৰাকীয়ে কয় পঞ্চায়ত আৰু গ্ৰামোন্নয়ন নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাৰ সকলো অএমআৰ চিট আৰু যোৱা ৩, ৪ আৰু ৫ মাৰ্চ তাৰিখৰ দিনা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত কাৰ্যলয়ত কি কি কাম হৈছিল, কোনো ব্যক্তি ৰাতি কাৰ্যালয়ত উপস্থিত আছিল এই সমগ্ৰ প্ৰক্রিয়াৰ বাবে উক্ত দিনকেইটা কাৰ্যালয়ত থকা চিচিটিভি ফুটেজ সংৰক্ষণ কৰাৰ বাবে আহ সপ্তাহত কৃষক মুক্তি সংগ্রাম সমিতিয়ে উচ্চ ন্যায়ালয়ত এক গোচৰ ৰুজু কৰিব বুলিও জানিবলৈ দিয়ে।
আনহাতে সমগ্ৰ তদন্তৰ প্ৰক্ৰিয়া দায়িত্বত থকা জিষ্ণু বৰুৱাক প্ৰত্যাহ্বান জনাই কয় যদি সৎ সাহস আছে প্ৰকৃত তদন্ত কৰক আৰু প্ৰকৃত তদন্তৰ বাবে যদি তথ্য প্ৰমাণ লাগে লিখিতভাৱে জনাওঁক । সকলো কেলেংকাৰীৰ তথ্য কৃষক মুক্তি সংগ্রাম সমিতিয়ে যোগান ধৰিব বুলিও তেওঁ সংবাদ মেলৰ জড়িয়তে জানিবলৈ দিয়ে।
- Log in to post comments
- 26 views