জাতিক প্ৰতাৰণা কৰি সাম্প্ৰদায়িক বিজপিলৈ যোৱা প্ৰস্তুতি তাই আহোম ছাত্ৰ সন্থাৰ উপদেষ্টা অশ্বিনী চেতিয়াৰ৷ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে খিলঞ্জীয়া ৰাইজক নেতৃত্বদি ৰাজপথলৈ উলিয়াই অনাত আগভাগ লোৱা তাই আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা অশ্বিনী চেতিয়াই যোগদান কৰিব বিজেপিত। সোমাবাৰে ছাত্ৰ নেতাজনে অসমীয়া খিলঞ্জীয়াৰ বিৰোধী বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰিব।
উল্লেখ যে তাই আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাগৰাকীয়ে বিজেপি দলত যোগদান কৰাৰ বাবে ইতিমধ্যে পদত্যাগ কৰিছে তাই আহোম ছাত্ৰ সন্থাৰ উপদেষ্টা পদৰ পৰা। সোমাবাৰে ছাত্ৰ নেতাগৰাকীয়ে বিজেপি ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱৰ উপস্থিত বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে।
আনহাতে ছাত্ৰ নেতাগৰাকীৰ বিজেপি গমনৰ কথা পোহৰলৈ অহাৰ পাছতে সমগ্ৰ শিৱসাগৰ লগতে ৰাজ্য সচেতন ব্যক্তিসকলে নেতাগৰাকীৰ এই সিদ্ধান্ত তীব্র সমালোচনা কৰিছে। খিলঞ্জীয়া জনসাধাৰণৰ দাবী জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক যিকোনো প্ৰকাৰে আইনত পৰিণত কৰিমে বুলি কোৱা বিজেপি দলত এজন জাতীয়তাবাদী নেতা হৈ অংশগ্ৰহণ কৰাটো চৰম দুৰ্ভাগ্যজনক। নেতাজনৰ এই সিদ্ধান্তত যে কেৱল ক্ষমতাৰ অংক জড়িত হৈ আছে সেই কথা স্পষ্ট বুলিও উল্লেখ কৰিছে বহু ব্যক্তিয়ে।
- Log in to post comments
- 192 views