সাংসদ আৰ পি শৰ্মাই বিজেপিত আৰম্ভ কৰিলে বিসম্বাদী ৰাজনীতি

rp

ৰাজ্যিক বিজেপিত আৰম্ভ হৈছে বিসম্বাদী ৰাজনীতি। লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব নাপাই মুকলিকৈ মুখ খুলিছে তেজপুৰৰ  বৰ্তমানৰ বিজেপি সাংসদ তথা দলটোৰ জ্যেষ্ঠ নেতা আৰ পি শৰ্মাই। দলীয় টিকটৰ পৰা বঞ্চিত হৈ জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে বিস্ফোৰক মন্তব্য কৰিছে যে ৰাজ্যিক বিজেপিত এতিয়াৰ পৰা আৰম্ভ হৈছে বিজেপি 'এ' টিম আৰু বিজেপি 'বি' টিমৰ ৰাজনীতি। বিজেপিৰ 'বি' টিম ন-বিজেপিৰে ভৰি পৰিছে অৰ্থাৎ তেওঁলোক ডুব্লিকেট বিজেপি। লগতে ক্ষোভ ব্যক্ত কৰি জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে কয়- 'ডুব্লিকেট বিজেপিসকলে এতিয়া আমাক কাম নোহোৱা বিজেপি কৰি তুলিছে। তেওঁ কয়- 'আমি দলত থাকি বিজেপি এ টিম হিচাপে কাম কৰিম।কিন্তু বিসম্বাদ নকৰোঁ'।  গুৰুত্বপূৰ্ণভাৱে  আগন্তুক লোকসভা নিৰ্বাচনত সাংসদ আৰ পি শৰ্মাই কাৰো সপক্ষে আৰু কাৰো বিপক্ষে নালাগো বুলি স্পষ্ট ঘোষণা কৰে।আনহাতে  আৰ পি শৰ্মাই বিস্ফোৰক ঘটাই কয় যে কামাখ্যা প্ৰসাদ তাছা,বিজয়া চক্ৰৱৰ্তী, ৰমেন ডেকা,ৰাজেন গোহাঁই আদি পুৰণি বিজেপিক লগত লৈ এতিয়াৰ পৰা ডুব্লিকেট বিজেপিৰ বিৰূদ্ধে চাফাই অভিযান আৰম্ভ কৰা হ'ব। দলত এই ডুব্লিকেট বিজেপিবোৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবেই হৈছে বুলি তেওঁ উল্লেখ কৰে। আনহাতে সৰ্বানন্দ সোণোৱালৰ প্ৰসংগত তেওঁ কয়- 'যদিও সৰ্বানন্দ সোণোৱাল আন দলৰ পৰা বিজেপি দললৈ আহিছে, কিন্তু তেওঁ আদর্শগত কাৰণত বিজেপি 'এ' টিমত থাকিব ।তেওঁক আমি সন্মান কৰোঁ।তেজপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ হৈ প্ৰচাৰ চলোৱাৰ কথাই নাহে বুলি শৰ্মাই কয়।শৰ্মাই মন্তব্য কৰে-'আৰ পি শৰ্মা আজিও বিজেপিত বাঘ,কিছুদিনৰ পিছতে বাঘৰ গোজৰণি শুনিব পাব ৰাইজে'। এই অসন্তুষ্টিৰ কাৰণ সন্দৰ্ভত তেওঁ কয় যে কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে তেওঁৰ কোনো ক্ষোভ নাই। তেওঁৰ খং কেৱল অসম বিজেপিৰ বিৰুদ্ধেহে।তাৎপৰ্যপূৰ্ণভাৱে শৰ্মাই মন্তব্য কৰে যে সকলোবিলাক অসন্তুষ্টিৰ কাৰণ হিমন্ত বিশ্ব শৰ্মা।

Your Comments