গুৱাহাটীৰ প্ৰেছ ক্লাবত সাংস্কৃতিক মহাসভাৰ বঁটা প্ৰদান অনুষ্ঠান

press club_ghy

আজি গুৱাহাটীৰ প্ৰেছ ক্লাবত সাংস্কৃতিক মহাসভাৰ, অসমৰ চতুৰ্থ সংখ্যক ৰাজ্যিক উপাধি আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেষৰ মোচাহাৰী, সত্ৰ মহাসভাৰ সভাপতিৰ প্ৰতাপ চন্দ্ৰ বৰুৱা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা পংকজ নাথ প্ৰমুখ্যে কেইবাজনো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। 

উল্লেখ্য যে আজি সাংস্কৃতিক মহাসভাৰ অসমে চতুৰ্থ সংখ্যক ৰাজ্যিক উপাধি আৰু বঁটা প্ৰদান কৰাৰ ব্যক্তিসকল হৈছে গীতিকাৰ, সুৰকাৰ মহেন্দ্ৰ হাজৰিকা। তেওঁ সাংস্কৃতিক মহাসভা, অসমে প্ৰদান কৰিছে 'গীতৰত্ন' উপাধি। একেদৰে নৱ প্ৰজন্মৰ অন্যতম জনপ্ৰিয় অভিনেতা তথা বেহৰবাৰী আউত পোষ্টৰ কে কে খ্যাত সিদ্ধাথ শৰ্মাক প্ৰদান কৰা হৈছে 'ৰসৰত্ন' সন্মান। একেদৰে নৱ-প্ৰজন্মৰ অন্যতম জনপ্রিয় গীতিকাৰ, সুৰকাৰ বিপিন চাওদাংক প্ৰদান কৰা হৈছে "সংগীত সৌৰভ" উপাধি। ইয়াৰ উপৰিও নৱ-প্ৰজন্মৰ দুই জনপ্রিয় কন্ঠশিল্পী নীল আকাশ আৰু জুবলী বৰুৱাক প্ৰদান কৰা হৈছে ক্ৰমে 'সংগীত কোঁৱাৰ' আৰু 'সংগীত কুঁৱৰী' উপাধি।
 
উল্লেখ্য যে বিশিষ্ট ব্যক্তিকেইজনক প্ৰদান কৰা বঁটাত আছে চেলেং, স্মাৰক,জাপি, মানপত্ৰ, গামোচা আৰু কিতাপৰ টোপোলা। বঁটাসমূহ প্ৰদান কৰে মুখ্যঅতিথি ৰঞ্জিত শেষৰ মোচাহাৰীয়ে। 

আনহাতে আজি এই বঁটা প্ৰদান অনুষ্ঠানতে সাংস্কৃতিক মহসভা, অসমে ৰাজ্য দুগৰাকী ব্যক্তিলৈ আগবঢ়ায় জীৱনজোৰা সাধনা বঁটা। বিশিষ্ট ব্যক্তি হলিচৰণ দাস আৰু প্ৰহৰী দাসক প্ৰদান কৰা হয় এই বঁটা।

Your Comments