অসম চৰকাৰৰ আৰু পুৰাতত্ব বিভাগৰ গুৰুত্বহীনতাৰ বাবে ক্ৰমাৎ ধ্বংসৰ হোৱাৰ উপক্ৰম ঘটিছে মাজুলীৰ দক্ষিণপাট সত্ৰত থকা মধ্যযুগৰ মানৱ নিৰ্মিত প্ৰাচীন সামগ্ৰীৰ ভঁৰালটো। যিটো ভঁৰালত আছে আজিৰ পৰা প্ৰায় ৩০০ বছৰৰ আগৰ আহোমৰ দিনৰ মূল্যৱান সম্পদসমূহ। এই গুৰুত্বৰ অভিযোগ ভাৰতীয় জাতীয় সাহিত্য সংস্কৃতি সংৰক্ষণ ন্যাসৰ অসম ৰাজ্যিক শাখাৰ চমুকৈ ইনটাকৰ।
আজি গুৱাহাটী প্ৰেছ ক্লাব অসম ৰাজ্যিক শাখাৰ আহ্বায়ক শীলা বৰাই এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰি কয় যে ভাৰতীয় জাতীয় সাহিত্য সংস্কৃতি সংৰক্ষণ ন্যাসৰ নতুন দিল্লীৰ আৰ্থিক সহযোগত ২০১৮চনৰ এপ্ৰিল মাহৰ পৰা মাজুলীৰ দক্ষিণপাট সত্ৰৰ ভঁৰাল ঘৰত থকা মধ্যযুগৰ মানৱ নিৰ্মিত মূল্যবান সামগ্ৰীসমূহৰ সংৰক্ষণ কৰাৰ বাবে তেওঁলোকে তাৰ সামগ্ৰীসমূহৰ ইতিমধ্যে তালিকা প্ৰস্তুত কৰিছে। সেই অনুসৰি বৰ্তমান সময়লৈকে প্ৰায় ১৭শ প্ৰাচীন সামগ্ৰীৰ দক্ষিণপাট সত্ৰৰ জৰাজীৰ্ণ ভঁৰালগৃহটোত থকাটো তেওঁলোকে তথ্য লাভ কৰিছে।
সেই তথ্যৰ ভিত্তিতে তেওঁলোকে সেই মূল্যৱান সম্পদসমূহ মাজুলীৰ দক্ষিণ পাট সত্ৰতে সংৰক্ষণ কৰাৰ বাবে অসম চৰকাৰৰ ওচৰত সমগ্ৰ বিষয়টো অৱগত কৰিছিল। ইয়াৰ উপৰিয় অসম চৰকাৰক তেওঁলোকে দাবী জনাইছিল বৰ্তমান সময়ত যিটো ভঁৰাল ঘৰত সম্পদসমূহ ৰখা হৈছে সেই ঘৰটোৰো অৱস্থা অতি শোচনীয়। যিকোনো মুহূৰ্তত ভাগি পৰিব পাৰে ভঁৰালঘৰটো আৰু উপযুক্ত সংৰক্ষম নথকাৰ বাবে যিকোনো মুহূৰ্ততে হেৰাই যাব পাৰে মূল্যবান প্ৰাচীন সম্পদসমূহ।
তাৰ বাবে অসম চৰকাৰৰে দক্ষিণপাট সত্ৰতে সম্পদৰাজি সংৰক্ষণ কৰাৰ বাবে এটা সংগ্ৰাহালয় স্থাপন কৰিব লাগে। কিন্তু অতি পৰিত্ৰাপৰ কথা অসম চৰকাৰে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত যিদৰে গুৰুত্ব দিব লাগিছিল তেনে গুৰুত্ব দিয়া নাই আজি পৰ্যান্ত। শেহতীয়াভাৱে অসম চৰকাৰে উক্ত স্থানত সংগ্ৰাহালয় স্থাপন কৰাৰ বাবে ৩.৫০ কোটি টকা ধাৰ্য কৰিছে যদিও উক্ত টকা অসম চৰকাৰে মুকলি কৰি দিয়া নাই কাম কৰাৰ বাবে। এই কথা জানিবলৈ দিয়ে আহ্বায়ক শীলা বৰাই।
ইফালে আজি এই সংবাদ মেলতে অসম ৰাজ্যিক শাখা আহ্বায়ক শীলা বৰাই তেওঁলোকে বনোৱা তালিকাৰ ওপৰত ভিত্তি কৰি জানিবলৈ দিয়ে যে উক্ত ভঁৰালঘৰটোত বৰ্তমান সময়ত আছে তিনি বাকচ সোণৰ মুদ্ৰা, ১৫ কিলো ওজনৰ এটা কলহ, সোণ আৰু ৰূপৰ ভোগজৰা, হাতীৰ দাঁত, গোমোখাকৃত্রিৰ শংখ, আহোম ৰজা সকলে পৰিধান কৰাৰ সোণ আৰু ৰূপৰ মুকুট, বৰনাওত ব্যৱহাৰ কৰা আহিলা, জলঘড়ী, ১৮৫৭ চনত বৃটিছে ফাঁচী দিয়া মণিৰাম দেৱানৰ ধপাত খুন্দা শিলৰ পাত্ৰৰ টুকুৰা, ৰূপৰ লাখুটি আদি। উল্লেখ যে ইনটাকে ভঁৰালঘৰটোত থকা এই সম্পদসমূহ তথ্য প্ৰদৰ্শনো কৰে প্ৰজেকটৰ সহায়ত গুৱাহাটী প্ৰেছ ক্লাবত।
আনহাতে তেওঁলোকে লগতে জানিবলৈ দিয়ে উক্ত ভঁৰালঘৰটোত প্ৰাচীন যুগৰ এই সম্পদসমূহৰ উপৰিও কিছুমান দুষ্পাপ্য পাণ্ডুলিপি থকাৰ কথা। সেই অনুসৰি তেওঁলোকে জানিবলৈ দিয়ে যে ২০,৭১৮পৃষ্ঠা থকা ৬৩১খনৰো অধিক পাণ্ডুলিপি তাত আছে। যিসমূহ পাণ্ডুলিপি সাঁচি পাতত লিখা আছে বুলি জানিবলৈ দিয়ে । লগতে জানিবলৈ দিয়ে যে এই পাণ্ডুলিপিসমূহ সংৰক্ষণ কৰাৰ বাবে তেওঁলোকে ইতিমধ্যে ভুৱনেশ্বৰত থকা ৰাষ্ট্ৰীয় পাণ্ডুলিপি সংৰক্ষণ নিয়ন্ত্ৰণ কেন্দ্ৰৰ সহযোগত লগতে দক্ষিণপাট সত্ৰৰ তত্বাৱধানত পাণ্ডুলিপি সমূহৰ তথ্য ডিজিটেল ৰূপত সংৰক্ষণ কৰাৰ কথা। লগতে পাণ্ডুলিপি সমূহ নতুনকৈ সাঁচি পাতত ছপা কৰাৰ কথা।
- Log in to post comments
- 57 views