সাংস্কৃতিক মহাসভা,অসমৰ ৰাজ্যিক উপাধি আৰু বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন

mohasobha

আজি গুৱাহাটী প্ৰেছ ক্লাবত সাংস্কৃতিক মহাসভা,অসমৰ চতুৰ্থ সংখ্যক ৰাজ্যিক উপাধি আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰী। সত্ৰ মহাসভাৰ সভাপতি প্ৰতাপ চন্দ্ৰ বৰুৱা, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা পংকজ নাথ প্ৰমুখ্যে কেইবাজনো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।আজি গীতিকাৰ,সুৰকাৰ মহেন্দ্ৰ হাজৰিকাক  সাংস্কৃতিক মহাসভা,অসমে প্ৰদান কৰে 'গীতৰত্ন' উপাধি। একেদৰে নৱপ্ৰজন্মৰ অন্যতম জনপ্ৰিয় অভিনেতা তথা বেহৰবাৰী আউটপোষ্টৰ 'কেকে'খ্যাত সিদ্ধাৰ্থ শৰ্মাক প্ৰদান কৰা হয় 'ৰসৰত্ন' সন্মান। একেদৰে নৱপ্ৰজন্মৰ অন্যতম জনপ্রিয় গীতিকাৰ,সুৰকাৰ বিপিন চাওদাংক প্ৰদান কৰা হয় 'সংগীত সৌৰভ' উপাধি।ইয়াৰ উপৰিও নৱপ্ৰজন্মৰ দুই জনপ্রিয় কন্ঠশিল্পী নীল আকাশ আৰু জুবলী বৰুৱাক প্ৰদান কৰা হয় ক্ৰমে 'সংগীত  কোঁৱৰ' আৰু 'সংগীত কুঁৱৰী' উপাধি।উল্লেখ্য যে বিশিষ্ট ব্যক্তিকেইজনক প্ৰদান কৰা বঁটাত আছে চেলেং,স্মাৰক,জাপি, মানপত্ৰ,গামোচা আৰু কিতাপৰ টোপোলা। বঁটাসমূহ প্ৰদান কৰে মুখ্য অতিথি ৰঞ্জিত শেখৰ মুছাহাৰীয়ে।আনহাতে আজি এই বঁটা প্ৰদান অনুষ্ঠানতে সাংস্কৃতিক মহসভা, অসমে ৰাজ্যৰ দুগৰাকী ব্যক্তিলৈ আগবঢ়ায় জীৱনজোৰা সাধনা বঁটা।বিশিষ্ট ব্যক্তি হলিচৰণ দাস আৰু প্ৰহৰী দাসক প্ৰদান কৰা হয় এই বঁটা।

Your Comments