লোকসভাৰ নিবাচনক লৈ সমগ্ৰ দেশৰ লগতে ৰাজ্যত ৰাজনৈতিক দলসমূহৰ তৎপৰতা চলি থকাৰ সময়তে আজি বিজেপিয়ে অসমৰ বাবে প্ৰস্তুত কৰিছে ষ্টাৰ কেম্পেইনাৰৰ তালিকা। সেই অনুসৰি ২৪ মাৰ্চত ডিফুত প্ৰচাৰ চলাব ৰাম মাধৱ আৰু বৰ্তমান দলটোৰ সাংসদ ৰমেন ডেকাই। ঠিক একেদৰে ২৫ মাৰ্চত বিজেপি দলৰ হৈ প্ৰচাৰ চলাব মহেন্দ্ৰ সিঙে, তেজপুৰত অনুৰাগ সিং ঠাকুৰ আৰু হিমন্ত বিশ্ব শৰ্মা, লখিমপুৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, যোৰহাটত হিমন্ত বিশ্ব শৰ্মাই চলাব প্ৰচাৰ।
আনহাতে, ২৬ মাৰ্চত নগাঁৱত প্ৰচাৰ চলাব বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু ৰূপা গাঙ্গুলী, ডিব্ৰুগড়ত কিৰেণ ৰিজিজু, মঙলদৈত হিমন্ত বিশ্ব শৰ্মা আৰু মহেন্দ্ৰ সিং, গুৱাহাটীত প্ৰচাৰ চলাব মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
ইফালে ৩০ মাৰ্চত বিজেপি দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অসমলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী। গহপুৰ আৰু মৰাণৰ দুখন নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰিব প্ৰধান মন্ত্ৰীগৰাকীয়ে।
- Log in to post comments
- 36 views