লোকসভা নিৰ্বাচনৰ ৰণশিঙা বজাবলৈ অগপ, বিজেপি আৰু গণশক্তিৰ যৌথ নেতৃত্ব বোকাখাতত উপস্থিত। বোকাখাতত উপস্থিত হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা- অগপ-বিজেপি-গণশক্তিৰ মিত্ৰতাই এক ইতিহাস সৃষ্টি কৰিলে। লগতে তেওঁ কয় যে মোডীক পুনৰ প্ৰধান মন্ত্ৰী কৰাৰ স্বাৰ্থতে এই মিত্ৰতা কৰা হৈছে।আনহাতে, বিজেপিৰ লগত মিত্ৰতা কৰি অগপ দল নিঃশেষ হব বুলি কোৱা প্ৰসংগত তেওঁ কয় যে প্ৰতিটো ৰাজনৈতিক দলৰে দলৰ সাংগঠনিক ভেটি দৃঢ় কৰাৰ অধিকাৰ আছে। মিত্ৰতাই নিঃশেষ নকৰে অগপৰ অস্তিত্ব। লগতে তেওঁ বিজেপি আৰু গণশক্তিয়ে সহায় কৰি কলিয়াবৰৰ অগপ প্ৰাৰ্থীগৰাকীক জয়ী কৰাব লাগিব বুলিও কয়। এই নিৰ্বাচনক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অস্তিত্ব ৰক্ষাৰ নিৰ্বাচন বুলিও কয়।তৰুণ গগৈক সমালোচনা কৰি কয় যে তেওঁ এতিয়া পুত্ৰ মোহত বন্দী। পুত্ৰৰ বাবে বদৰুদ্দিনৰ লগত হাত মিলাব পাৰে। কিন্তু আমি বদৰুদ্দিনৰ সৈতে মিত্ৰতা নকৰো।
- Log in to post comments
- 42 views