লোকসভাৰ নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপি আহিছে, সিমানেই গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ চিন্তিত হৈছে অসমৰ প্ৰদেশ কংগ্ৰেছ কমিটী।এতিয়ালৈকে দলটোৱে নিশ্চিত কৰিব পৰা নাই গুৱাহাটী লোকসভা সমষ্টিৰ বাবে উপযুক্ত প্ৰাৰ্থী। প্ৰথম অৱস্থাত দলটোৱে উক্ত সমষ্টিৰ পৰা এজন অৰাজনৈতিক অধিবক্তাক টিকট দিয়াৰ কথা চিন্তা কৰিছিল। সেই অনুসৰি অধিবক্তা অৰূপ বৰবৰাক গুৱাহাটী লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই যোগাযোগ কৰিছিল।
কিন্তু এই প্ৰয়াস সফল নহ'ল।পৰৱৰ্তী সময়ত দলটোৰ পৰা কেইবাজনে জ্যেষ্ঠ নেতাই উক্ত সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনাইছিল। জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰ, মহিলা নেত্ৰী ববিতা শৰ্মাৰ লগতে আৰু কেইবাজনো কংগ্ৰেছী নেতাই আবেদন কৰিছিল। কিন্তু এইসকলৰ মাজতো কংগ্ৰেছ দলে সমষ্টিটোৰ বাবে বিচাৰি নাপালে উপযুক্ত প্ৰাৰ্থী। ফলত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই গুৱাহাটী সমষ্টিৰ বাবে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কিৰিপ চলিহাক প্ৰাৰ্থিত্ব দিয়াৰ বাবে দলীয় নেতৃত্বক অৱগত কৰিলে।
কিন্তু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই উক্ত সমষ্টিত কিৰিপ চলিহাৰ নামেই শুনিবলৈ নিবিচৰাত এই প্ৰয়াসো সফল নহ'ল দলটোৰ বাবে।শেহতীয়াভাৱে সমষ্টিটোৰ পৰা দলটোৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ বাবে নাম ওলাইছে দলটোৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ । কংগ্ৰেছৰ একাংশই গুৱাহাটীৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে প্ৰতিদ্বন্দিতা কৰাটোক সমৰ্থন জনাইছে।
আনহাতে কংগ্ৰেছ দলৰ অধিকাংশ সদস্যই গুৱাহাটীৰ পৰা প্ৰাৰ্থিত্ব দিয়াটো বিচাৰিছে দলটোৰ জ্যেষ্ঠ নেতা তথা প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ পুত্ৰ ৰবীন বৰদলৈক প্ৰাৰ্থিত্ব দিয়াটো বিচাৰিছে। ইফালে আজি ঘোষণা কৰাৰ সম্ভাৱনা আছে কংগ্ৰেছৰ গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী নাম।
- Log in to post comments
- 66 views