লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অহা ৩০ মাৰ্চত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। অসমৰ বিজেপি প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোডী উপস্থিত হ'বহি অসমত।উল্লেখ্য যে প্ৰধানমন্ত্ৰীগৰাকীয়ে উক্ত দিনটোত দুখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। সেই অনুসৰি গহপুৰ আৰু মৰাণত অংশগ্ৰহণ কৰিব দুখন নিৰ্বাচনী সভাত। অসমৰ প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'ব লগা তেজপুৰ, ডিব্ৰুগড়, যোৰহাটৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীসকলৰ হৈ প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
- Log in to post comments
- 13 views