পাৰ্কিঙৰ উপযুক্ত সুবিধা নথকাৰ বাবে ক্ৰমাৎ ধ্বংসৰ দিশে গতি কৰিছে গুৱাহাটীৰ ঐতিহাসিক কাছাৰীঘাটৰ দৈনিক বজাৰ। গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ দৈনিক বজাৰখনত সকলো সুবিধা থকাৰ পাছতো আজি বজাৰখনলৈ নাযায় পূৰ্বৰ দৰে গ্ৰাহক। ফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছে বজাৰখনলৈ দৈনিক অহা ব্যৱসায়ীসকল। আনহে নালাগে গ্ৰাহকৰ অভাৱত দৈনিক কমি আহিছে বজাৰখনত ব্যৱসায়ীৰ সংখ্যা। এই অভিযোগ বজাৰখনৰ ব্যৱসায়ীসকলৰ।
উল্লেখ্য যে ২০১৬ চনৰ পৰা ৰাজ্যত বিজেপি চৰকাৰৰ শাসন আৰম্ভ হোৱাৰ পাছৰে পৰা যেতিয়া মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ব্ৰহ্মপুত্ৰ অতিথিশালাত থাকিবলৈ ল'লে তেতিয়াৰে পৰাই কাছাৰীঘাটৰ দৈনিক বজাৰৰ এম জি পথছোৱা ২৪ ঘণ্টাই "ন' পাৰ্কিং জ'ন" হিচাপে ঘোষণা কৰি অহা হৈছে। ফলত গ্ৰাহকসকলে পাৰ্কিঙৰ উপযুক্ত ব্যৱস্থা নথকাৰ বাবেই এতিয়া বজাৰখনলৈ নাহে গ্ৰাহক। কাৰণ পাৰ্কিঙৰ উপযুক্ত ব্যৱস্থা নথকাৰ বাবে গ্ৰাহকসকলে বহু সময়ত গাড়ী লৈ আহি "ন' পাৰ্কিং"ত প্ৰৱেশ কৰি যান-বাহন আৰক্ষীক ভৰিব লাগে ৩০০-৫০০ টকা পৰ্যন্ত জৰিমনা।
ইফালে ব্যৱসায়ীসকলে গ্ৰাহকসকলৰ সুবিধা অনুযায়ী পথছোৱা ২৪ ঘণ্টাই "ন' পাৰ্কিং জ'ন" হিচাপে ঘোষণা কৰাৰ পৰিৱৰ্তে কেৱল মুখ্য মন্ত্ৰী আৰু ৰাজ্যপাল অহা-যোৱা কৰা সময়ত "ন' পাৰ্কিং জ'ন" হিচাপে ঘোষণা কৰাৰ আহ্বান জনাইছে। আনহাতে, ব্যৱসায়ীসকলে যোৱা দুদিন পূৰ্বে পাৰ্কিঙৰ উপযুক্ত ব্যৱস্থাৰ দাবী জনাই উক্ত পথটোৱেদি ৰাজ্যৰ মুখ্য মন্ত্ৰী পাৰ হৈ যাওঁতে প্ৰতিবাদ সাব্যস্ত কৰিছিল।
- Log in to post comments
- 22 views