লোকসভাৰ নিৰ্বাচনৰ দিন যিমানেই ওচৰ চাপি আহিছে সিমানেই বৃদ্ধি পাইছে দেশৰ ৰাজনৈতিক দলসমূহৰ ব্যস্ততা। কোনোটো দলে যদি ইতিমধ্যে প্ৰাৰ্থী ঘোষণা কৰিছে, কোনোটো দলে এতিয়াও ঘোষণা কৰা নাই প্ৰাৰ্থী তালিকা। তাৰ মাজতে আজি ছ'চিয়েলিষ্ট ইউনিটি চেণ্টাৰ অব্ ইণ্ডিয়া (কমিউনিষ্ট)ৰ অসম ৰাজ্যিক কমিটীয়ে অসমৰ বাবে ঘোষণা কৰিছে প্ৰাৰ্থী তালিকা। ৰাজ্যৰ মুঠ ১৪খন লোকসভাৰ আসনৰ ৬খনত প্ৰতিদ্বন্দ্বিতা কৰিব কমিউনিষ্ট দলটোৱে।
সেই অনুসৰি ধুবুৰীত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে কমৰেড সুৰত জামাত মণ্ডল, বৰপেটাত ডাঃ চিত্ৰলেখা দাস, মঙলদৈত কমৰেড স্বৰ্ণলতা চলিহা, লখিমপুৰত কমৰেড হেমকান্ত মিৰি, শিলচৰত কমৰেড শ্যামদেও কুর্মী, কৰিমগঞ্জত কমৰেড প্ৰভাস সৰকাৰ। এই কথা আজি এক সংবাদমেল সম্বোধন কৰি জানিবলৈ দিয়ে এছ ইউ চি আই (চি) অসম ৰাজ্যিক কমিটীৰ সম্পাদিকা চন্দ্ৰলেখা দাসে। গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলত চন্দ্ৰলেখা দাসে লগতে জানিবলৈ দিয়ে যে সমগ্ৰ দেশত তেওঁলোকৰ দলটোৱে আগন্তুক লোকসভা নিৰ্বাচনত ১১৯খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব। তাৰে ভিতৰত পশ্চিমবংগত লোকসভাৰ ৪২খন আসনতে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।
- Log in to post comments
- 23 views