আমবাৰীত নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত অগপ-বিজেপি মিত্ৰজোঁটৰ বৈঠক

আমবাৰীত নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত অগপ-বিজেপি মিত্ৰজোঁটৰ বৈঠক

আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত অগপ-বিজেপিৰ প্ৰচাৰ বিভাগে আজি আমবাৰী কাৰ্যালয়ত এক বৈঠকত মিলিত হয়। উক্ত বৈঠকত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ মমিনুল আৱাল, পবিত্ৰ মাৰ্ঘেৰিটা প্ৰমুখ্যে ভালেসংখ্যক সদস্য। একেদৰে অগপ দলৰ হৈ উপস্থিত থাকে দলটোৰ তথ্য আৰু প্ৰচাৰ বিভাগৰ সম্পাদক মনোজ শইকীয়া, মুখপাত্ৰ তপন দাস প্ৰমুখ্যে দলটোৰ বহু সংখ্যক কর্মী। দুয়োটা দলৰ কর্মীসকলে লোকসভা নিৰ্বাচন সন্দৰ্ভত প্ৰায় এক ঘণ্টাজোৰা বৈঠকত বহে৷ ইয়াৰ পিছতে অগপ কাৰ্যালয়ত দুয়োটা দলৰ কর্মীসকলে সম্বোধন কৰে এক যুটীয়া সংবাদমেল।

উক্ত সংবাদমেলত বিজেপি দলৰ হৈ মুখপাত্ৰ মমিনুল আৱালে কয় যে বিপিএফ-অগপ-বিজেপি মিত্ৰজোঁটে অসমৰ ১৪খন আসনৰ ১৪খনতে জয়ী হ'ব। লগতে তেওঁ কয় যে কলিয়াবৰ সমষ্টিত তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈ অগপ-বিজেপিৰ প্ৰাৰ্থীৰ হাতত পৰাজিত হ'ব। বিজেপিৰ মুখপাত্ৰগৰাকীয়ে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈক সমালোচনা কৰি কয় যে পুত্ৰৰ পৰাজয়ৰ কথা ভাবি তৰুণ গগৈয়ে এতিয়া বদৰুদ্দিনৰ হাতে-ভৰিয়ে ধৰিছে। ইয়াৰ উপৰি তেওঁ কয় যে অগপ-বিজেপি মিত্ৰজোঁটে ধুবুৰীত বদৰুদ্দিনকো এইবাৰ পৰাস্ত কৰিব। আনহাতে, বৰপেটাত ফলাফল কি হ'ব বুলি সাংবাদিকে প্ৰশ্ন কৰাত মমিনুল আৱালে কয় যে আমি বৰপেটাৰ কথা চিন্তায়েই কৰা নাই। বৰপেটাত কোনো চিন্তা নকৰাকৈ জয়ী হ'ম। 

আমবাৰীত নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত অগপ-বিজেপি মিত্ৰজোঁটৰ বৈঠক

আনহাতে, উক্ত সংবাদমেলত অগপ দলৰ হৈ প্ৰচাৰ বিভাগৰ সম্পাদক মনোজ শইকীয়াই কয় যে অগপ-বিজেপিৰ মিত্ৰতাক লৈ কংগ্ৰেছৰ একাংশ ছদ্মবেশী মানুহে মিত্ৰতাৰ বিৰোধিতা কৰি সামাজিক মাধ্যমত অপ্ৰপচাৰ চলাইছে। তেওঁ লগতে কয় যে কংগ্ৰেছক পৰাস্ত কৰাৰ বাবে অগপ দলে বিজেপিৰ সৈতে পুনৰ মিত্ৰতা কৰিছে। 

আনহাতে, বিজেপি দলৰ নেতা-কর্মীসকলে এতিয়া নিজৰ নামৰ আগত চকীদাৰ শব্দ ব্যৱহাৰ কৰিছে। বিজেপিৰ মিত্ৰদল হোৱা বাবে অগপ দলেও চকীদাৰ শব্দ ব্যৱহাৰ কৰিব নেকি বুলি সোধা সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত অগপৰ প্ৰচাৰ সম্পাদক মনোজ শইকীয়াই কয় যে সেই সম্পৰ্কত পৰৱৰ্তী সময়ত জনোৱা হ'ব৷
 

Your Comments