আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি যুৱ ভোটাৰসকলক আকৰ্ষণ কৰাৰ বাবে অসম নাগৰিক সমাজৰ উদ্যোগত যুৱ-সমাৱেশৰ আয়োজন। অহা ২৩ মাৰ্চৰ দিনৰ ১০.৩০ বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত "দেশৰ বৰ্তমানৰ অৱস্থা আৰু ভৱিষ্যতৰ গতিপথ" শীর্ষক যুৱ সমাৱেশখনত অংশগ্ৰহণ কৰিব গুজৰাটৰ দলিত যুৱনেতা জিগনেছ মেৱানি, সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ বৰ্তমানৰ সভাপতি এন সাই বালাজী আৰু প্ৰাক্তন সম্পাদিকা শত্ৰুৰূপা চক্ৰৱৰ্তী, সদৌ বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়ো, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই আৰু লেখিকা পাৰভিন চুলতানাই।
এই কথা আজি অসম নাগৰিক সমাজে এক সংবাদমেল সম্বোধন কৰি জানিবলৈ দিয়ে। গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত সংবাদমেলখনত উপস্থিত থাকি অসম নাগৰিক সমাজৰ সভাপতি তথা প্ৰাক্তন প্ৰশাসনিক বিষয়া হৰেকৃষ্ণ ডেকাই কয় যে বিগত পাঁচ বছৰে দেশত যি একনায়কত্ববাদী শাসন চলিছে সেই ব্যৱস্থা উৎখাত কৰাৰ বাবেই অসম নাগৰিক সমাজে ৰাজ্যত প্ৰথমবাৰৰ বাবে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি যুৱ সমাৱেশ আয়োজন কৰিবলৈ লৈছে। অসম নাগৰিক সমাজৰ কাৰ্যকৰী সভাপতি অজিত কুমাৰ ভূঞাই কয় যে বিগত বর্ষসমূহৰ তুলনাত এইবাৰৰ লোকসভা নিৰ্বাচনত ৮-১০ কোটি নৱপ্ৰজন্মৰ ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰিব। সেইবাবে নৱপ্ৰজন্মৰ ভোটাৰসকলে যাতে প্ৰকৃত নেতাজনক ভোটদানৰ জৰিয়তে নিৰ্বাচন কৰে তাৰবাবে এই যুৱ-সমাৱেশ আয়োজন কৰা বুলি জানিবলৈ দিয়ে।
আনহাতে, এই সংবাদমেলতে প্ৰশান্ত ৰাজগুৰুৱে কয় যে বিগত নিৰ্বাচনসমূহৰ তুলনাত এইবাৰৰ লোকসভাৰ নিৰ্বাচন হ'ব ভাৰতীয় গণতন্ত্ৰৰ বাবে এক বৃহৎ প্ৰত্যাহ্বানৰ নিৰ্বাচন। সেইবাবে এই নিৰ্বাচনতে জনসাধাৰণে নিৰ্ধাৰণ কৰিব ভাৰতে গান্ধীক ৰক্ষা কৰিব নে নাথুৰাম গডছেক ৰক্ষা কৰিব। আৰু তাৰ নেতৃত্ব ল'ব ৮ৰ পৰা ১০ লাখ নৱপ্ৰজন্মৰ ভোটাৰে। আনহাতে, আজিৰ এই সংবাদমেলত উপস্থিত থাকে পৰেশ মালাকাৰ, অপূৰ্ব বৰুৱা প্ৰমুখ্যে কেইবাজনো সদস্য। সকলোৱে আগন্তুক লোকসভা নিৰ্বাচনত ৰাইজক গণতন্ত্ৰৰ পক্ষত থাকি ভোট দিয়াৰ বাবে আহ্বান জনায়।
- Log in to post comments
- 39 views