নিৰ্বাচনী ৰণশিঙা বজাবলৈ উত্তৰ-পূবলৈ দুদিনীয়া ভ্ৰমণ সূচীৰে ৰাহুল গান্ধী

নিৰ্বাচনী ৰণশিঙা বজাবলৈ উত্তৰ-পূবলৈ দুদিনীয়া ভ্ৰমণ সূচীৰে ৰাহুল গান্ধী

লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ উদ্দেশ্যৰে দুদিনীয়া ভ্ৰমণসূচীৰে আজি উত্তৰ-পূবলৈ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সভাপতি ৰাহুল গান্ধী। পুৱা ৯ বজাত দিল্লীৰ পৰা এখন বিশেষ বিমানেৰে কংগ্ৰেছৰ সভাপতিগৰাকী ৰাওনা হ'ব লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰলৈ। সেই বিমানবন্দৰৰ পৰাই ৰাহুল গান্ধী হেলিকপ্টাৰে পুনৰ উৰা মাৰিব অৰুণাচলৰ ৰাজধানী ইটানগৰলৈ। ইটানগৰতে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে সম্বোধন কৰিব এখন বিশাল নিৰ্বাচনী জনসভা। তাৰপাছতে ইটানগৰতে অৰুণাচল কংগ্ৰেছৰ ব্লক কংগ্ৰেছ আৰু তৃণমূল কৰ্মীৰ সৈতে এখন বৈঠকত মিলিত হ'ব কংগ্ৰেছৰ অধ্যক্ষগৰাকী।

উক্ত বৈঠকত ৰাহুল গান্ধীয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ আৰু বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে বুজ ল'ব দলীয় কর্মীৰ পৰা। তাৰপাছতে বিয়লিভাগলৈ কংগ্ৰেছৰ অধ্যক্ষগৰাকী ৰাওনা হ'ব মণিপুৰৰ ৰাজধানী ইম্ফললৈ। তাত আজি ৰাতিটো কটাই কাইলৈ ৰাহুল গান্ধীয়ে মণিপুৰত এখন বিশাল নিৰ্বাচনী জনসভাক সম্বোধন কৰিব। তাৰ পৰা তেওঁ ৰাওনা হ'ব ত্ৰিপুৰালৈ। তাতো এখন নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰি বিয়লি আগৰতলাৰ পৰা ৰাওনা হ'ব দিল্লীলৈ।

Your Comments