আজিৰে পৰা জাৰি হ'ব দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ অধিসূচনা। দ্বিতীয় পৰ্যায়ৰ লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে ইতিমধ্যে নিৰ্ধাৰণ কৰিছে ১৮ এপ্ৰিলৰ দিনটো। এই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন দেশৰ অন্য ৰাজ্যৰ লগতে অসমৰ পাঁচটা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব।
উল্লেখ্য যে এই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন সমগ্ৰ ৰাজ্যৰ ১৩খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত ৰাজ্যৰ মুঠ ৯৭টা লোকসভা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন। আনহাতে, এই নিৰ্বাচনৰ বাবে মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিন ২৫ মাৰ্চ হোৱাৰ বিপৰীতে মনোনয়ন-পত্ৰ পৰীক্ষাৰ দিন ২৭ মাৰ্চ। ইফালে যদি কোনো ব্যক্তিয়ে মনোনয়ন-পত্ৰ প্ৰত্যাহাৰ কৰিব বিচাৰে তাৰবাবে ২৯ মাৰ্চৰ ভিতৰত প্ৰত্যাহাৰ কৰিব লাগিব।
- Log in to post comments
- 10 views