প্ৰতিমুহূৰ্ততে সলনি হৈছে লোকসভাৰ নিৰ্বাচনৰ ৰাজ্যিক বিজেপিৰ চূড়ান্ত প্ৰাৰ্থী তালিকা।ৰাজ্যিক বিজেপিয়ে প্ৰস্তুত কৰা প্ৰাৰ্থী তালিকাক লৈ সুখী নহয় বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব। ঘোষণা কৰিবলৈ লৈও বাৰে বাৰে থমকি ৰৈছে ৰাজ্যিক বিজেপি নেতৃত্ব।
প্ৰথম অৱস্থাত তেজপুৰ লোকসভাৰ সমষ্টিৰ পৰা আৰ পি শৰ্মাৰ পৰিৱৰ্তে ৰাম মাধৱৰ অনুৰোধত ৰাজ্যিক বিজেপিয়ে অন্তৰ্ভুক্ত কৰিছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম।সেই কথা স্পষ্ট হোৱাৰ পিছতে তেজপুৰৰ বৰ্তমানৰ সাংসদগৰাকীয়ে বিজেপি দলৰ পৰা পদত্যাগ কৰি অন্য দলৰ হৈ নিৰ্বাচনত অৱৰ্তীণ হ'ব বুলি কেন্দ্ৰীয় নেতৃত্বলৈ পদত্যাগপত্ৰ প্ৰেৰণ কৰিছিল। সাংসদগৰাকীৰ পদত্যাগপত্ৰ কেন্দ্ৰীয় নেতৃত্বই পোৱাৰ পিছতে ৰাজ্যিক বিজেপি নেতৃত্বৰে বৈঠকত বহিছিল বিজেপি কেন্দ্ৰীয় নেতৃত্ব।উক্ত বৈঠকতে কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যিক বিজেপিক জৱাবদিহি কৰিছিল তেজপুৰ লোকসভা সমষ্টিত আৰ পি শৰ্মা নাম কৰ্তনৰ সন্দৰ্ভত।লগতে কেন্দ্ৰীয় নেতৃত্বই বিজেপিৰ ৰাজ্যিক নেতৃত্বক আহ্বান জনাইছিল যাতে লোকসভাৰ নিৰ্বাচনত 'নেডা'ৰ আহ্বায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাই যাতে প্ৰতিদ্বন্দ্বিতা নকৰে। কাৰণ কেন্দ্ৰীয় নেতৃত্বই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ নিৰ্বাচনীৰ প্ৰচাৰক হিচাপে নিযুক্তি দিবলৈ বিচাৰিছে।তাৰ বাবেই ৰাজ্যিক বিজেপিয়ে পূৰ্বতে তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাপে অন্তৰ্ভুক্ত হিমন্ত বিশ্ব শৰ্মাৰ নাম শেহতীয়াভাৱে প্ৰাৰ্থী তালিকাৰ পৰা কৰ্তন কৰিছে।এই কথা জানিবলৈ দিছে ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসে।তেওঁ লগতে কয় যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোকসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে।তাৰ পৰিৱৰ্তে দলৰ প্ৰচাৰৰ কামত জড়িত হ'ব ।ইয়াৰ উপৰিও ৰাজ্যিক বিজেপি সভাপতিগৰাকীয়ে চূড়ান্ত প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ সন্দৰ্ভত কয় যে অসমৰ মুঠ ১৪খন লোকসভাৰ আসনৰ ১০খনত বিজেপিয়ে প্ৰাৰ্থী থিয় কৰাব।ইয়াৰ তেজপুৰ আৰু নগাঁও লোকসভা সমষ্টিৰ বাহিৰে অন্য সমষ্টিসমূহৰ প্ৰাৰ্থী তালিকা প্ৰায় চূড়ান্ত।কেন্দ্ৰীয় নেতৃত্ব অমিত শ্বাহে চহী কৰিলেই ঘোষণা কৰিব ৰাজ্যিক বিজেপিয়ে প্ৰাৰ্থী তালিকা ।
- Log in to post comments
- 426 views