তিনিদিন পৰীক্ষাৰমূলকভাৱে মেৰামতি কৰাৰ পিছত সাময়িকভাৱে স্থগিত ৰখা হৈছে শৰাইঘাট দলঙৰ মেৰামতিৰ কাম। ঐতিহাসিক দলংখনৰ মেৰামতিৰ বাবে ৰাজ্য চৰকাৰৰ পৰা লিখিত অনুমতি নোপোৱা বাবে কাম কৰিবলৈ লৈও থমকি ৰৈছে উত্তৰ-পূব সীমান্ত ৰেলৱে। এই কথা জানিবলৈ দিছে উত্তৰ-পূৰ্ব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া প্ৰণৱ জ্যোতি শৰ্মাই।শৰ্মাই লগতে উল্লেখ কৰে যে ঐতিহাসিক দলংখনৰ প্ৰায় ৪০ শতাংশ মেৰামতিৰ কাম কৰিব লগা আছে।দলংখনত থকা ১২৬খন আৰচিচি চিলেপৰ ৪৫খন চিলেপ নতুনকৈ নিৰ্মাণ কৰিব লাগিব বুলি জানিবলৈ দিয়ে।তাৰ বাবে চৰকাৰৰ পৰা ৯০দিনৰ সময় বিচৰা বুলিও জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে। ইয়াৰ উপৰিও তেওঁ জানিবলৈ দিয়ে যে শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে ব্যাহত নহয় ৰেলসেৱা।কাৰণ উক্ত সময়ছোৱাত ৰে'ল চলাচল অব্যাহত থাকিব শৰাইঘাটেৰে।
- Log in to post comments
- 34 views