জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন কৰা বিজেপিৰ লগত লোকসভা নিৰ্বাচনৰ মিত্ৰতা কৰাটো অগপ দলৰ সিদ্ধান্ত নহয়। এই সিদ্ধান্ত কেৱল দলটোৰ সভাপতি অতুল বৰা, কেশৱ মহন্তসহ কেইজনমান মুষ্টিমেয় ব্যক্তিৰ। এই সিদ্ধান্ত অসম গণ পৰিষদে কেতিয়াও গ্ৰহণ কৰা নাই আৰু ভৱিষ্যতেও নকৰে। এই গুৰুত্বপূৰ্ণ মন্তব্য অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য তথা দলটোৰ জ্যেষ্ঠ নেতা প্ৰণৱ গোস্বামীৰ।
আজি গুৱাহাটী প্ৰেছ ক্লাবত গোস্বামীয়ে এক সংবাদমেল সম্বোধন কৰি কয় যে যোৱা ২০ ফেব্ৰুৱাৰীৰ দিনা অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত শতকৰা ৯০ শতাংশ সদস্যই আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰে মিত্ৰতা নকৰাৰ বাবে নেতৃত্বক আহ্বান জনাইছিল। কিন্তু কাৰ্যনিৰ্বাহকৰ সেই দাবীক গুৰুত্বহীন কৰি দলৰ সংবিধানক অৱমাননা কৰি দলটোৰ নেতৃত্বসহ কেইজনমান মুষ্টিমেয় লোকৰ একমাত্ৰ ব্যক্তিগত স্বাৰ্থ আৰু পৰিয়ালকেন্দ্ৰিক লবীৰ বাবে বিজেপিৰ সৈতে পুনৰ মিত্ৰতা কৰিছে।
ইয়াৰ উপৰি গোস্বামীয়ে কয় যে সাম্প্ৰদায়িক বিজেপিৰে মিত্ৰতা কৰি অগপ দলে জাতীয় ছহিদসকলক অপমান কৰাই নহয়, পুনৰবাৰ ৮৫৫জন ছহিদক সভাপতি অতুল বৰা, কেশৱ মহন্ত, কমলা কলিতা, ফণীভূষণ চৌধুৰী, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সত্যব্ৰত কলিতা প্ৰমুখ্যে কেইজনমান নেতাই হত্যা কৰিলে। আনহাতে, আজিৰ এই সংবাদমেলতে জ্যেষ্ঠ নেতাগৰাকীয়ে দলটোৰ নেতৃত্বৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উথাপন কৰি কয় যে অগপ দলটোক অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী প্ৰমুখ্যে এই মিত্ৰতাক সমৰ্থন কৰাসকলে টকাৰ বিনিময়ত বিজেপিৰ ওচৰত বিক্ৰী কৰিছে।
ইয়াৰ উপৰি কেশৱ মহন্তই নিজৰ ভাতৃক দিল্লীলৈ জিকাই নিয়াৰ স্বাৰ্থতে অগপ দলক ব্যৱহাৰ কৰা বুলিও জানিবলৈ দিয়ে। আনহাতে, এই সংবাদমেলতে দলটোৰ জ্যেষ্ঠ নেতাজনে তাৎপৰ্যপূৰ্ণভাৱে কয় যে অগপৰ মুষ্টিমেয় ব্যক্তিকেইজনে বিজেপিৰ লগত মিত্ৰতা কৰি বিজেপিৰ পৰা এক বুজন পৰিমাণৰ ধন লাভ কৰিছে৷ সেই ধন আনিবলৈকে এতিয়া অগপৰ নামত কেলেংকাৰীৰ নেতাকেইজনে দিল্লীত অমিত শ্বাহক লগ ধৰা বুলিও উল্লেখ কৰে।
ইফালে এই সংবাদমেলতে অগপ নেতাজনে কয় যে বিজেপিৰ লগত যিহেতু মিত্ৰতা দলৰ সিদ্ধান্ত নহয়, সেইবাবে আগন্তুক লোকসভা নিৰ্বাচনত দলৰ সকলো সদস্যই অগপ-বিজেপি কোনো প্ৰাৰ্থীকে ভোটদান নকৰে নকৰে আৰু কাৰো হৈ প্ৰচাৰ নচলায়৷ লগতে দলটোৰ নেতৃত্ব সলনি কৰাৰ স্বাৰ্থত দলৰ সকলো সদস্যকে পদত্যাগ নকৰিবলৈ আহ্বান জনায়। ইফালে অসমবাসীক আগন্তুকক নিৰ্বাচনত অগপ-বিজেপিৰ প্ৰাৰ্থীসকলক ভোট নিদিবলৈও আহ্বান জনায় প্ৰণৱ গোস্বামীয়ে।
উল্লেখ্য যে গোস্বামীয়ে বিজেপিৰে মিত্ৰতাৰ বিৰোধিতা কৰি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰাৰ বাবে শুকুৰবাৰে দলৰ সাধাৰণ সম্পাদক কমলা কলিতাই সভাপতিৰ নির্দেশত শাস্তিমূলকভাৱে কেন্দ্ৰীয় কার্যনিৰ্বাহকৰ সদস্যৰ লগতে দলৰ পৰা ১ বছৰৰ বাবে বহিষ্কাৰ কৰিছিল। সেই সন্দৰ্ভত তেওঁ কয় যে যদি এই স্থিতি মোৰ দলবিৰোধী হৈছে, তেন্তে দলক উদ্ধাৰ কৰাৰ স্বাৰ্থত হাজাৰবাৰ কৰিম৷ কিন্তু কেতিয়াও দলৰ পৰা পদত্যাগ নকৰোঁ বুলি দৃঢ় ঘোষণা জ্যেষ্ঠ নেতাগৰাকীৰ।
ইফালে আজিৰ এই সংবাদমেলতে তেওঁ বিস্ফোৰণ ঘটাই দাবী জনায় যে বৰ্তমান দলৰ সাধাৰণ সম্পাদক কমলা কলিতাই অগপক বিক্ৰী কৰি সম্পত্তিৰ পাহাৰ গঢ়িছে। তেওঁৰ সম্পত্তিৰ বিৰুদ্ধে চিবিআই তদন্ত হ'ব লাগে বুলিও উল্লেখ কৰে। সংবাদমেলৰ অন্তত তেওঁ জানিবলৈ দিয়ে যে অতুল বৰা, কেশৱ মহন্তকে ধৰি দলৰ একাংশ সদস্যই অগপ দলক ধ্বংস কৰি আগন্তুক বিধাসভা নিৰ্বাচনত বিজেপিলৈ যোৱাৰো চিন্তা কৰিছে৷
- Log in to post comments
- 125 views