লোকসভাৰ নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনীতিত ব্যাপক তৎপৰতা বৃদ্ধি পোৱাৰ সময়তে শুকুৰবাৰে ৰাতি কংগ্ৰেছে ঘোষণা কৰিছে অসমৰ প্ৰথমখন প্ৰাৰ্থী তালিকা। প্ৰথমখন প্ৰাৰ্থী তালিকাত ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিৰ পাঁচটা সমষ্টিৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ দলে ঘোষণা কৰিছে তালিকা। সেই অনুসৰি যোৰহাট লোকসভা সমষ্টিত প্ৰাক্তন বিধায়ক সুশান্ত বুঢ়াগোহাঁই, কলিয়াবৰত বৰ্তমানৰ সাংসদ গৌৰৱ গগৈ, শিলচৰত বৰ্তমানৰ সাংসদ সুস্মিতা দেৱ, ডিব্ৰুগড়ত প্ৰাক্তন সাংসদ তথা জ্যেষ্ঠ নেতা পবন সিং ঘাটোৱাৰ আৰু কৰিমগঞ্জত স্বৰূপ দাস।
উল্লেখ্য যে অসম প্ৰদেশ কংগ্ৰেছ দলৰ নেতৃত্বই শুকুৰবাৰে সন্ধিয়া নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ লগত চূড়ান্ত বৈঠকত মিলিত হৈছিল। সেই বৈঠকৰ পাছতে ঘোষণা কৰা হয় প্ৰথমখন প্ৰাৰ্থী তালিকা। ইফালে মুঠ ১৪টা লোকসভা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিবলগা কংগ্ৰেছ দলে বাকী ৯টা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা দুই-এদিনতে কৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে তাৰে ৫টা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰায় চূড়ান্ত হৈ থকাৰ বিপৰীতে ৪টা সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ এতিয়াও নিশ্চিত হোৱা নাই অসম প্ৰদেশ কংগ্ৰেছ কমিটী।ইফালে নগাঁও লোকসভা সমষ্টিৰ বাবে প্ৰাক্তন বিধায়ক প্ৰদ্যুৎ বৰদলৈয়ে টিকট লাভ কৰাটো প্ৰায় নিশ্চিত।
- Log in to post comments
- 102 views