লোকসভাৰ নিৰ্বাচনক লৈ ৰাজ্য ৰাজনৈতিক দলসমূহৰ মাজত ৰাজনীতি তৎপৰতা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ তৎপৰতা বৃদ্ধি পাইছে ৰাজ্য নিৰাপত্তা বিভাগটো। ইতিমধ্যে ৰাজ্য প্ৰশাসনৰ পুলিচ বিভাগে আগন্তক লোকসভা নিৰ্বাচন যাতে সুচাৰূপে হয় তাৰ বাবে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা।
সেই অনুযায়ী লোকসভাৰ নিৰ্বাচনৰ সুচাৰূপে অনুষ্ঠিত কৰাৰ বাবে দেশৰ উচ্চতম ন্যায়ালয়ৰ দিয়া নির্দেশ অনুসৰি তিনিবছৰ একে ঠাইতে কৰ্মৰত ৰাজ্য পুলিচ বিভাগৰ আমোলাৰ পৰা আৰম্ভ কৰি উপ-পৰিদর্শক পৰ্যায় লৈকে মুঠ এক হাজাৰ বিষয়া ইতিমধ্যে বদলি কৰা হৈছে। এই কথা জানিবলৈ দিছে অসম আৰক্ষীৰ এক বিশেষ সূত্ৰই। সূত্ৰটোৱে লগতে জানিব দিয়া অনুসৰি উচ্চতম ন্যায়ালয়ৰ এই নির্দেশনাৰ পৰা শাৰীৰিকভাৱে সক্ষম, বিভিন্ন জটিল ৰোগত আক্রান্ত বিষয়াসকলক বদলি পৰা ৰেহাই দিয়া হৈছে বুলি।
ইয়াৰ উপৰিও অসম আৰক্ষীৰ বিশেষ সূত্ৰটোৱে জানিব দিয়া অনুসৰি আগন্তক লোকসভা নিৰ্বাচনৰ বাবে অতিৰিক্ত নিৰাপত্তা কোম্পানী নিয়োজিত কৰাৰ বাবে ইতিমধ্যে কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰা কথা। লগতে জানিব দিয়ে যে অহা সপ্তাহৰ শেষৰ ফালে কেন্দ্ৰই নিশ্চিত কৰিব কিমানতা নিৰাপত্তা কোম্পানী অসমৰ লোকসভাৰ নিৰ্বাচনৰ বাবে নিয়োগ কৰিব।
আনহাতে আৰক্ষীৰ বিশেষ সূত্ৰটোৱে জানিবলৈ দিয়া অনুসৰি পূৰ্ব নিৰ্বাচনৰ তুলনাত এইবাৰ নিৰ্বাচনত হিংসাত্মক ঘটনাৰ বৃদ্ধি পোৱা আশংকা কৰি পূৰ্বত কৈ অধিক নিৰাপত্তা বাহিনী নিয়োগ কৰা হ'ব বুলি জানিব দিছে। আনহাতে অসম আৰক্ষীত বৰ্তমান সময়ত প্ৰায় ১১ হাজাৰ পদ খালি হৈ থকাৰ বাবে লোকসভা নিৰ্বাচনৰ বাবে বাহিৰৰ পৰা অতিৰিক্তভাৱে নিৰাপত্তাৰক্ষী নিয়োগ কৰিব লগা হৈছে বুলি জানিব দিয়ে অসম আৰক্ষীৰ বিশেষ সূত্ৰটোৱে।
ইফালে অসম আৰক্ষীৰ বিশেষ সূত্ৰটোৱে জানিবলৈ দিয়ে যে খালি হৈ থকা ১১হাজাৰ পদৰ ভিতৰত প্ৰায় ৬৫০০ পদ নিযুক্তি বাবে ইতিমধ্যে সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। আগন্তক লোকসভা নিৰ্বাচন পিছতে জুন মাহত ৬৫০০পদত নিযুক্তিৰ বাবে বাছনি প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব বুলি জানিব দিয়ে।
- Log in to post comments
- 77 views