অগপ দল আৰু এতিয়া অসমৰ বিশ্বাসযোগ্য দল নহয়। কাৰণ দলটোৰ নেতৃবৰ্গ অতুল বৰা আৰু কেশৱ মহন্তই ক্ষমতাৰ বাবে বিজেপিৰ লগত পুনৰ মিত্ৰতা কৰি আঞ্চলিকতাবাদক ধ্বংস কৰিলে। এই মন্তব্য মুছলিম ছাত্ৰ সন্থা,অসমৰ সভাপতি জালালউদ্দিনৰ ।লগতে মন্তব্য কৰে যে আগন্তক লোকসভা নিৰ্বাচনত সংগঠনটোৰ বহু সদস্যই অগপৰ বিৰুদ্ধে ভোটাধিকাৰ সাব্যস্ত কৰিব।
আনহাতে, সংবাদমেলতে সংগঠনটোৰ সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে যে উগ্ৰ হিন্দুত্ববাদী আৰু উগ্ৰ ইছলামীয় নেতাৰ পক্ষত আগন্তক নিৰ্বাচনত জনসাধাৰণে যাতে ভোট প্ৰদান নকৰে, তাৰ বাবে গাঁও-নগৰ আৰু চৰ-চাপৰি অঞ্চলসমূহত তেওঁলোকে ভোটাৰ সজাগতা সভাৰ আয়োজন কৰিব ।
সংবাদমেলত জালালউদ্দিনে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত নিযুক্তিৰ নামত হোৱা কেলেংকাৰিৰ উচিত তদন্তৰ বাবে চিবিআইক দায়িত্ব দিয়াৰ বাবে দাবী জনায়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সকলো নিযুক্তি বাতিল কৰি পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগে বুলিও দাবী জনায়। এনআৰচি প্ৰক্ৰিয়া সন্দৰ্ভত অভিযোগ উথাপন কৰি কয় যে এনআৰচি পুনৰীক্ষণৰ নামত এতিয়া স্বদেশীসকলহে হাৰাশাস্তি ভুগিব লগা হৈছে।আজিৰ এই সংবাদমেলত মুছলিম ছাত্ৰ সন্থা, অসমৰ সাধাৰণ সম্পাদক ছমিম ইজাজ আহমেদো উপস্থিত আছিল।
- Log in to post comments
- 15 views