অগপ নেতৃত্বই টকা আৰু ক্ষমতাৰ লোভত অপৱিত্ৰ মিত্ৰতালৈ আগবাঢ়িল : অখিল গগৈ

অগপ নেতৃত্বই টকা আৰু ক্ষমতাৰ লোভত অপৱিত্ৰ মিত্ৰতালৈ আগবাঢ়িল : অখিল গগৈ

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰোধিতাৰে যোৱা জানুৱাৰী মাহত বিজেপিৰ সৈতে অসম গণ পৰিষদে মিত্ৰতা ভংগ কৰাৰ পাছতে কৃষক মুক্তি সংগ্রাম সমিতিসহ ৭০টাকৈ জাতীয় সংগঠনে অগপ সভাপতি অতুল বৰাক আনুষ্ঠানিকভাৱে প্ৰস্তাৱ দিছিল আগন্তুক লোকসভা নিৰ্বাচনত অগপক তেওঁলোকে সম্পূৰ্ণ সমৰ্থন কৰিব। লগতে সাম্প্ৰদায়িক বিজেপিক দেশৰ ৰাজনীতিৰ পৰা উৎখাত কৰাৰ বাবে অসম গণ পৰিষদক কৃষক মুক্তিসহ ৰাজ্যৰ ৭০ সংগঠনে অগপ দলৰ হৈ প্ৰচাৰ চলাব বুলি আনুষ্ঠানিকভাৱে অৱগত কৰিছিল অগপ সভাপতি অতুল বৰাক।

অগপ নেতৃত্বই টকা আৰু ক্ষমতাৰ লোভত অপৱিত্ৰ মিত্ৰতালৈ আগবাঢ়িল : অখিল গগৈ

কিন্তু সকলো খিলঞ্জীয়া ৰাইজৰ আশা, দলক আৰু জাতিক বিশ্বাসঘাতকতা কৰি জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদক জলাঞ্জলি দি নিৰ্লজ্জভাৱে পুনৰ বিজেপিৰ সৈতে মিত্ৰতা কৰিলে অগপ দলে। এই গুৰুত্বপূৰ্ণ মন্তব্য কৃষক নেতা অখিল গগৈৰ। মহানগৰীৰ গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্রাম সমিতিৰ মুখ্য কাৰ্যালয়ত কৃষক নেতাগৰাকীয়ে অগপ-বিজেপিৰ মিত্ৰতা সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি আৰু কয় যে কৃষক মুক্তি সংগ্রাম সমিতিসহ ৰাজ্যৰ ৭০ সংগঠনে আগন্তুক লোকসভা নিৰ্বাচনত এতিয়াৰে পৰা বিজেপিৰ লগতে অগপৰ বিৰুদ্ধেও প্ৰচাৰ চলাব।

অগপ নেতৃত্বই টকা আৰু ক্ষমতাৰ লোভত অপৱিত্ৰ মিত্ৰতালৈ আগবাঢ়িল : অখিল গগৈ

লগতে কৃষক নেতাগৰাকীয়ে কয় যে অগপই সাম্প্ৰদায়িক দলৰ লগত পুনৰ মিত্ৰতা কৰি অসমৰ ৰাইজক যি বিশ্বাসঘাতকতা কৰিলে তাৰ উচিত শিক্ষা অসমৰ ৰাইজে দিব। ইয়াৰ উপৰি উক্ত সংবাদমেলতে গগৈয়ে জানিবলৈ দিয়ে যে মঙলবাৰে সন্ধিয়া অগপৰ দুই নেতা সভাপতি অতুল বৰা আৰু কেশৱ মহন্ত তেওঁৰ ঘৰত উপস্থিত হৈছিল। উপস্থিত হৈয়ে অগপৰ দুয়োজন নেতাই জানিবলৈ দিছিল তেওঁলোকে অকলে নিৰ্বাচনত অৱতীৰ্ণ হ'লে জিকিব নোৱাৰিব। সেইবাবে তেওঁলোকে পুনৰ বিজেপিৰ লগত মিত্ৰতা কৰিব বুলি অৱগত কৰা বুলি আজি সংবাদমেলত জানিবলৈ দিয়ে।

অগপ নেতৃত্বই টকা আৰু ক্ষমতাৰ লোভত অপৱিত্ৰ মিত্ৰতালৈ আগবাঢ়িল : অখিল গগৈ
 
আনহাতে, অগপ দলে মিত্ৰতা কৰাৰ প্ৰসংগত কৃষক নেতাগৰাকীয়ে কয় যে অগপৰ কেন্দ্ৰীয় নেতৃত্বই কেৱল টকা আৰু ক্ষমতাৰ লোভত পৰি এক অপবিত্ৰ মিত্ৰতাত আগবাঢ়ি গ'ল। এতিয়াৰে পৰা অসম গণ পৰিষদ আঞ্চলিকতাবাদী, জাতীয়তাবাদী দল হৈ থকা নাই। অগপই এতিয়া বিদেশীক সংস্থাপন দিব খোজা বিজেপিৰ লগত হাত মিলাই ৮৫৫জন ছহিদক কেৱল অপমানে কৰা নাই, আনুষ্ঠানিকভাৱে হত্যা কৰিলে। 

ইফালে এই সংবাদমেলতে কৃষক নেতাগৰাকীয়ে অসম গণ পৰিষদৰ প্ৰকৃত জাতীয়তাবাদীসকলক আহ্বান জনাই কয় যে এতিয়া অসম গণ পৰিষদত থাকি লাভ নাই। প্ৰকৃত জাতীয়তাবাদী অগপ সদস্যসকল এতিয়া অগপ দলৰ পৰা ওলাই আহিব লাগে। কাৰণ জাতিৰ শত্ৰুৰ লগত লগ লাগি অগপ দলো এতিয়া জাতিৰ শত্ৰু হৈ পৰিল। 

অগপ নেতৃত্বই টকা আৰু ক্ষমতাৰ লোভত অপৱিত্ৰ মিত্ৰতালৈ আগবাঢ়িল : অখিল গগৈ

ইফালে কিছুদিনৰ পূৰ্বে বিজেপিৰ সভাপতি ৰঞ্জিত দাসে পুনৰ অগপ দলেৰে মিত্ৰতা কৰিলে নাগৰিকত্ব সংসোধনী বিধেয়কক ভৱিষ্যতৰ দিনত সমৰ্থন কৰিম বুলি লিখিত প্ৰতিশ্ৰুতি দিব লাগিব বুলি কোৱা প্ৰসংগত অখিল গগৈয়ে কয় যে বিজেপিৰ সভাপতিয়ে যি দাবী কৰিছিল সেই দাবীক অগপ দলে সমৰ্থন কৰি মিত্ৰতা কৰিলে নেকি তাক ৰাজহুৱা কৰিব লাগে। ইয়াৰ সমান্তৰালকৈ বিজেপি দলকো প্ৰশ্ন কৰে- অগপ দলে বিজেপিক নাগৰিকত্ব সংশোধনী বিধেয়ক সমৰ্থন কৰিম বুলি লিখিত প্ৰতিশ্ৰুতি দিলে নে নাই তাক ৰাজহুৱা কৰিব লাগে।

Your Comments