ক্ষমতাৰ লালসাত বিজেপিৰে মিত্ৰতা অগপ নেতৃত্বৰ : ক্ষোভত ফাটি পৰিছে তৃণমূল কৰ্মী

ক্ষমতাৰ লোভত বিজেপিৰে মিত্ৰতা অগপ নেতৃত্বৰ : ক্ষোভত ফাটি পৰিছে তৃণমূল কৰ্মী

কথা দি কথা ৰাখিব নোৱাৰিলে অগপই। ক্ষমতালোভী অগপ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ দলটোৰ তৃণমূল কর্মীৰ। ছহিদৰ ত্যাগক মূল্যহীন কৰিলে অসম গণ পৰিষদে। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ আইনত পৰিণত কৰিব বিচৰা বিজেপিৰ সৈতে পুনৰ মিত্ৰতাত বান্ধ খালে অগপ। মঙলবাৰে মহানগৰীৰ হোটেল ৰেডিছন ব্লুত বিজেপি নেতা ৰাম মাধৱ আৰু হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আসন বুজাবুজিক লৈ আলোচনাত মিলিত হৈছিল অসম গণ পৰিষদৰ সভাপতি অতুল বৰা আৰু কেশৱ মহন্ত। উক্ত আলোচনাৰ পাছতে দুয়োটা দলে মঙলবাৰে ৰাতি আনুষ্ঠানিকভাৱে ঘোষণা কৰে লোকসভা নিৰ্বাচনৰ মিত্ৰতা কথা। সেই সম্পৰ্কত অগপ দলৰ সভাপতি অতুল বৰাই নিৰ্লজ্জভাৱে কয় যে কংগ্ৰেছ দলক নিৰ্বাচনত পৰাস্ত কৰাৰ বাবে লোকসভাৰ নিৰ্বাচনত তেওঁলোকে বিজেপিৰ লগতে পুনৰ মিত্ৰতা কৰিলে। 

উল্লেখ্য যে ২০১৬ চনত বিধানসভা নিৰ্বাচনত অগপ দলে বিজেপিৰ লগত মিত্ৰতাৰে অৱতীৰ্ণ হৈছিল। কিন্তু বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ গৃহীত কৰিবলৈ লোৱা বিষয়টোৰ বাবেই যোৱা জানুৱাৰী মাহত বিজেপিৰ সৈতে মিত্ৰতা ভংগ কৰিছিল। অগপ দলৰ তিনি মন্ত্ৰীয়ে সৰ্বানন্দ সোণোৱালৰ কেবিনট মন্ত্ৰীৰ দায়িত্ব ত্যাগ কৰিছিল। লগতে অগপ নেতা অতুল বৰাই উল্লেখ কৰিছিল যে যেতিয়ালৈকে বিজেপি দলে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ সম্পূৰ্ণভাৱে বাতিল নকৰিব, তেতিয়ালৈকে কোনো কাৰণতে মিত্ৰতা কৰা নহ'ব। আনহে নালাগে দলৰ নেতৃত্বই মিত্ৰতা নকৰাৰ প্ৰতিশ্ৰুতি লৈ বিজেপি দলৰ বিৰুদ্ধে যোৱা জানুৱাৰী মাহৰ শেষৰ ফালে দীঘলীপুখুৰীপাৰত দিনজোৰা অনশন কাৰ্যসূচীও গ্ৰহণ কৰিছিল।

তাৰ পৰৱৰ্তী সময়ত যোৱা ফেব্ৰুৱাৰী মাহত নৰেন্দ্ৰ মোডীৰ আগমনৰ সময়ত নাগৰিকত্ব সংশোধনী প্ৰসংগ আঁতধৰি প্ৰতিবাদ সাবাস্ত কৰিছিল দলৰ তৃণমূল কৰ্মীক লগত লৈ অসম গণ পৰিষদে। কিন্তু নৰেন্দ্ৰ মোডীয়ে কোনো প্ৰতিবাদৰ প্ৰতি গুৰুত্ব নিদি চাংসাৰিৰ জনসভাত দাম্ভিকভাৱে ঘোষণা কৰিছিল বিজেপি ক্ষমতালৈ আহিলে পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ আইনত পৰিণত কৰিব বুলি। ইয়াৰ উপৰি একে কথাই লখিমপুৰত ঘোষণা কৰিছিল দলৰ সভাপতি অমৃত শ্বাহে। কিন্তু তাৰ পাছতো কিয় অসম গণ পৰিষদে পুনৰ বিজেপিৰ লগত মিত্ৰতা কৰিলে সেয়া এক ডাঙৰ প্ৰশ্ন।

ইফালে বিজেপি দলৰ লগত মিত্ৰতা কৰা পাছতে এতিয়া অসম গণ পৰিষদৰ ভিতৰচ'ৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। যিহেতু দলটোৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তকে ধৰি একাংশ নেতাই বিচৰা নাছিল বিজেপিৰ সৈতে মিত্ৰতা। সেই সম্পৰ্কত অগপ দলৰ কেইবাখনো বিধায়িনী বৈঠক অনুষ্ঠিত হৈছিল। প্ৰতিখন বৈঠকতে দলটোৰ একাংশ নেতাই সদায় বিৰোধিতা কৰিছিল মিত্ৰতা প্ৰসংগক। ইয়াৰ উপৰি দলটোৰ তৃণমূল কর্মীসকলেও কেতিয়াও সমৰ্থন কৰা নাছিল বিজেপি দলৰ লগত মিত্ৰতা কৰা প্ৰসংগক। আনহে নালাগে পাঁচদিন পূৰ্বে দলটোৰ এজন তৃণমূল কৰ্মীয়ে বিজেপিৰ লগত মিত্ৰতা নকৰিবলৈ দাবী জনাই অগপৰ মুখ্য কাৰ্যালয়ৰ মূল প্ৰৱেশদ্বাৰত তলা লগাই প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু এই সকলোকে আওকাণ কৰি দলটোৰ সভাপতি অতুল বৰাই কেৱলমাত্ৰ ক্ষমতাৰ লালসাত পুনৰ মিত্ৰতা কৰিলে বিজেপিৰ সৈতে। 

ইফালে অগপ দলে মিত্ৰতা কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগে দলটোৰ তৃণমূল কর্মীসকলৰ মাজত তীব্ৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে। বহু তৃণমূল কর্মীয়ে দলটোৰ নেতৃত্বৰ এনে ক্ষমতালোভী মনোভাবক তীব্ৰ সমালোচনা কৰাৰ লগতে অগপ ত্যাগ কৰিব বুলিও জানিব দিছে। ইয়াৰ উপৰি দলটোৰ বহু তৃণমূল কৰ্মীয়ে লোকসভা নিৰ্বাচনত অগপ আৰু বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলাব বুলিও উল্লেখ কৰিছে। ইফালে মিত্ৰতালৈ পুনৰ ঘূৰি অহাৰ পাছতে দলটোৰ নেতা ৰাম মাধৱে অগপৰ তিনি মন্ত্ৰীক পুনৰ মন্ত্ৰিত্বৰ দায়িত্ব লোৱাৰ বাবেও আহ্বান জনাইছে।

Your Comments